অসম

assam

ETV Bharat / state

পাণ্ডু পোৰ্টৰ বিসৰ্জন ঘাট পৰিদৰ্শন উপায়ুক্ত বিশ্বজিৎ পেগুৰ

পাণ্ডু পোৰ্টৰ পূৰ্বৰ স্থানতে হ'ব বিসৰ্জন প্ৰক্ৰিয়া ৷ তাৰোপৰি মহানগৰীৰ সাওকুচী, জ্যোতিকুচী, কাছমাৰী ঘাটকে ধৰি প্ৰায় ৭স্থানত হ'ব দেৱী প্ৰতিমা বিসৰ্জন ৷

পাণ্ডু পোৰ্টৰ বিসৰ্জন ঘাট পৰিদৰ্শন উপায়ুক্ত বিশ্বজিৎ পেগুৰ

By

Published : Oct 1, 2019, 11:26 PM IST

গুৱাহাটী, 1 অক্টোৱৰঃ দেশৰ সৰ্বত্ৰে এতিয়া দুৰ্গতিনাশিনী মা দুৰ্গাক আদৰাৰ প্ৰস্তুতি ৷ শান্তিপূৰ্ণভাৱে পূজা অনুষ্ঠিত কৰাৰ বাবে তৎপৰ হৈ পৰিছে কামৰূপ জিলা প্ৰশাসন আৰু আৰক্ষী ৷ মঙলবাৰে বিসৰ্জন ঘাট পৰিদৰ্শন কৰে জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে ৷ পূজাৰ লগতে দেৱীৰ প্ৰতিমা বিসৰ্জনত যাতে কোনো অসুবিধা নহয় তাৰ বাবে জিলা প্ৰশাসনে হাতত লৈছে বিশেষ ব্যৱস্থা ৷

পাণ্ডু পোৰ্টৰ বিসৰ্জন ঘাট পৰিদৰ্শন উপায়ুক্ত বিশ্বজিৎ পেগুৰ

পাণ্ডু পোৰ্টৰ বিসৰ্জন ঘাট পৰিদৰ্শন কৰি জিলা উপায়ুক্তগৰাকীয়ে স্বচ্ছতাৰ ওপৰত বিশেষ গুৰুত্ব দিবলৈ বিসৰ্জন কমিটিক নিৰ্দেশ দিয়ে ৷ পাণ্ডু পোৰ্টৰ পূৰ্বৰ স্থানতে হ'ব বিসৰ্জন প্ৰক্ৰিয়া ৷ তাৰোপৰি মহানগৰীৰ সাওকুচী, জ্যোতিকুচী, কাছমাৰী ঘাটকে ধৰি প্ৰায় ৭স্থানত হ'ব বিসৰ্জন ৷ ইতিমধ্যে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে জিলা প্ৰশাসনে ৷

ABOUT THE AUTHOR

...view details