গুৱাহাটী,10অক্টোবৰঃ মহানগৰীৰ লংকেশ্বৰস্থিত ৰেড ক্ৰছ শিশু গৃহত চাঞ্চল্যকৰ ঘটনা । শিশুগৃহটোৰ পৰা বুধবাৰে পুৱাৰ ভাগৰ পৰা চাৰিটাকৈ শিশু পলায়ন কৰে ৷ শিশুগৃহটোৰ মূল প্ৰৱেশদ্বাৰৰ এটা সৰু ফাঁকেৰে পলায়ন কৰে শিশুকেইটাই ।
গুৱাহাটীৰ ৰেড ক্ৰছ শিশু গৃহৰ 4 টা শিশুৰ পলায়ন, এজনক উদ্ধাৰ
লংকেশ্বৰস্থিত ৰেড ক্ৰছ শিশু গৃহৰ পৰা বুধবাৰে পুৱাৰ ভাগৰ পৰা চাৰিটাকৈ শিশু পলায়ন কৰি সন্ধানহীন হৈ আছিল । বৃহস্পতিবাৰে মহানগৰ আৰক্ষীয়ে উদ্ধাৰ কৰে ৰাহুল নামৰ ৰেড ক্ৰছ শিশু গৃহৰ 1 টা শিশু ।
মহানগৰীৰ লংকেশ্বৰস্থিত ৰেড ক্ৰছ শিশু গৃহ
অৱশ্যে বৃহস্পতিবাৰে মহানগৰ আৰক্ষীয়ে উদ্ধাৰ কৰে ৰাহুল নামৰ ৰেড ক্ৰছ শিশু গৃহৰ 1 টা শিশু । কিন্তু বৰ্তমানেও সন্ধানহীন হৈ আছে আন 3 টাকৈ শিশু । ঘটনা সন্দৰ্ভত ৰেড ক্ৰছ গৃহৰ কৰ্তৃপক্ষই জালুকবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে । ইপিনে শিশুকেন্দ্ৰটোত নিৰাপত্তাৰক্ষী থকাৰ পিছতো কেনেদৰে মূল গেটেৰে চাৰিটাকৈ শিশুৱে ওলাই যাব পাৰিলে তাকলৈ বিভিন্ন প্ৰশ্ন উত্থাপিত হৈছে ।