অসম

assam

ETV Bharat / state

গুৱাহাটী বিশ্ববিদ্যালয়ত সদৌ অসম ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিৱেশন - সদৌ অসম ছাত্ৰ সন্থা

সোমবাৰে অনুস্থিত কৰা হয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ সদৌ অসম ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিৱেশন ৷ এন আৰ চিৰ সন্দৰ্ভতো বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী-শিক্ষক সমাজৰ সৈতে বাৰ্তালাপ কৰে সদৌ অসম ছাত্ৰ সন্থাই

গুৱাহাটী বিশ্ববিদ্যালয়ৰ সদৌ অসম ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিৱেশন

By

Published : Aug 26, 2019, 7:07 PM IST

গুৱাহাটী, 26 আগষ্টঃ সোমবাৰে অনুষ্ঠিত কৰা হয় গুৱাহাটী বিশ্ববিদ্যালয় সদৌ অসম ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিৱেশন ৷ গুৱাহাটী বিশ্ববিদ্যালয় আৰু আইন মহাবিদ্যালয় আছু গোটৰ উদ্যোগত অনুষ্ঠিত এই অধিৱেশনত ৰাজ্যৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰা হয় ৷ এন আৰ চিৰ সন্দৰ্ভতো বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী-শিক্ষকসমাজৰ সৈতে বাৰ্তালাপ কৰে সদৌ অসম ছাত্ৰ সন্থাই ৷ উক্ত অনুস্থানত উপস্থিত থাকি আছুৰ সভাপতি দীপাংক কুমাৰ নাথে কয় যে এন আৰ চি প্ৰকাশলৈ মাজত মাথো চাৰিদিন বাকী থকাৰ সময়তে এচাম স্বাৰ্থলোভীয়ে এন আৰ চি আৰু প্ৰতীক হাজেলাৰ বিৰুদ্ধে মাত মাতি আছে ৷ আছুৰ দীৰ্ঘদিনীয়া এক সংগ্ৰামে সফল ৰূপ ল'বলৈ গৈ আছে ৷ গতিকে এন আৰ চি প্ৰকাশৰ সময়চোৱাত যাতে শান্তি-শৃংখলা বিঘ্নিত নহয় তাৰ ক্ষেত্ৰত সকলোকে সজাগ থাকিবলৈ অনুৰোধ জনায় আছুৰ সভাপতিগৰাকীয়ে ৷

গুৱাহাটী বিশ্ববিদ্যালয়ৰ সদৌ অসম ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিৱেশন

ABOUT THE AUTHOR

...view details