ৰঙিয়া, 2 জানুৱাৰী: ৰাজ্যৰ নিবনুৱা সমস্যা কোনো নতুন কথা নহয় ৷ নিবনুৱা সমস্যাৰে ভাৰাক্ৰান্ত হৈ দুশ্চিন্তাত ৰাজ্যৰ বহু নিৱনুৱা ৷ চাকৰি বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে নিৱনুৱা যুৱক-যুৱতীসকল ৷ ইয়াৰ মাজতে ৰাজ্যৰ হেজাৰ হেজাৰ যুৱকে কৰ্ম সংস্থাপনৰ পথ বিচাৰি উপাইবিহীন হৈ বহিঃৰাজ্যলৈ ঢপলিয়াইছে ৷ কাৰণ তেওঁলোকক লাগে কেৱল সংস্থাপন ৷ আজি আমি কম এনে এদল উদ্যমী যুৱকৰ কথা যিয়ে চাকৰিৰ আশাত বহি নাথাকি অথবা কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ নগৈ নিজ দেশতে তথা নিজ ভূমিতে বিচাৰি উলিয়াইছে কৰ্মসংস্থাপনৰ পথ ৷
হয়, সৰিয়হ বিপ্লৱৰ সূচনা কৰি আদৰ্শৰ পথ দেখুৱাইছে ৰঙিয়াৰ এদল উদ্যমী যুৱকে । সৰিয়হ খেতিৰে সংস্থাপনৰ বাট মোকলাবলৈ সক্ষম হৈছে যুৱকৰ দলটোৱে । ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া সেউজ বিপ্লৱৰ সূচনা হোৱা পৰিলক্ষিত হৈছে । তদ্ৰুপ ৰঙিয়া সমষ্টিৰ অন্তৰ্গত তুলসীবাৰীৰ এদল উদ্যমী যুৱকে আৰম্ভ কৰিছে সেউজ বিপ্লৱ । থলুৱা যুৱককেইজনে দিনৰাতি একাকাৰ কৰি পথাৰত সোণাৱালী সপোন ৰচনাৰ প্ৰয়াসত ব্ৰতী হৈছে (Financially self reliant by cultivating mustard in Rangia) ।
লগতে পঢ়ক:কল খেতিৰে স্বাৱলম্বিতাৰ নিদর্শন দাঙি ধৰিছে ডিব্ৰুগড়ৰ এজন উদ্যমী যুৱকে