অসম

assam

By

Published : Mar 29, 2019, 4:47 PM IST

ETV Bharat / state

কংগ্ৰেছত দলৰ সকলো পৰ্যায়ৰ সদস্যকে দিয়া হয় সমান গুৰুত্ব-তৰুণ গগৈ

কংগ্ৰেছ হৈছে দেশৰ সবাতোকৈ অধিক গণতান্ত্ৰিক দল ৷ দলটোৱে সদায়েই ৰাজ্যৰ সদস্যসকলৰ গুৰুত্ব প্ৰদান কৰি আহিছে । বিজেপিৰ বিৰুদ্ধে বিৰোধী দলসমূহে যি মিত্ৰজোঁট গঠন কৰিছিল ,ৰাজ্যিক নেতাসকলৰ মনোভাৱক সন্মান জনাই এই মিত্ৰজোঁটলৈ দলৰ ৰাষ্ট্ৰীয় সভাপতি ৰাহুল গান্ধীয়ে সঁহাৰি নজনালেঃ তৰুণ গগৈ

তৰুণ গগৈ

গুৱাহাটী ,29 মাৰ্চঃকংগ্ৰেছ দলৰ বাবে তৃণমূল পৰ্যায়ৰ সদস্যৰ মতৰ গুৰুত্ব অধিক । ৰাজ্যিক নেতাসমূহৰ মতক সন্মান জনাই দেশৰ কেইবাখনো ৰাজ্যত অন্য দলৰ সৈতে মিত্ৰতা গঠন কৰা নাই কংগ্ৰেছ দলে । এই মন্তব্য অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জেষ্ঠ কংগ্ৰেছ নেতা তৰুণ গগৈৰ ।

বিজেপিয়ে কংগ্ৰেছ দল বংশ ৰাজনীতি চলোৱা দল বুলি কৰা কটাক্ষৰ প্ৰত্যুত্তৰত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে কংগ্ৰেছ দেশৰ আটাইতকৈ গণতান্ত্ৰিক দল । দলটোৱে সদায়েই ৰাজ্যৰ সদস্যসকলৰ গুৰুত্ব প্ৰদান কৰি আহিছে । বিজেপিৰ বিৰুদ্ধে বিৰোধী দলসমূহে যি মিত্ৰজোঁট গঠন কৰিছিল ,ৰাজ্যিক নেতাসকলৰ মনোভাৱক সন্মান জনাই এই মিত্ৰজোঁটলৈ দলৰ ৰাষ্ট্ৰীয় সভাপতি ৰাহুল গান্ধীয়ে সঁহাৰি নজনালে বুলি প্ৰকাশ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ।

অন্য দলৰ সৈতে মিত্ৰজোঁট গঠনে দলটোৰ বিজয়ৰ সম্ভাৱনীয়তা বৃদ্ধি কৰিলেহেতেন বুলি সোধা প্ৰশ্নৰ উত্তৰত কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে এই ক্ষেত্ৰত কোনেও নিশ্চয়তা প্ৰদান কৰিব নোৱাৰে ।সকলো বিৰোধী দল একেখন মঞ্চত একত্ৰিত হোৱাটো সহজ নহয় বুলি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে । তেওঁ কয় যে আদৰ্শৰ পাৰ্থক্য তথা ৰাজনৈতিক লাভা-লাভৰ আদান প্ৰদানৰ অনিচ্ছাই এই ক্ষেত্ৰত বাধা হৈ থিয় দিয়ে । আদান প্ৰদানৰ জৰিয়তে বহু খিনি কাম কৰিব পৰা যায় যদিও সকলোৰে মাজত থকা পাৰ্থক্যৰ ফলত এয়া সম্ভৱ নহয়। বিগত লোকসভা নিৰ্বাচন সম্পৰ্কত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী মোডীয়ে সৰ্বাধিক জনপ্ৰিয় হিচাপে নিজকে উপস্থাপন কৰিলেও তেওঁ প্ৰকৃততে আটাইতকৈ কম ভোট লাভ কৰা প্ৰধানমন্ত্ৰীহে। তেওঁ লগতে কয় যে বৰ্তমানৰ চৰকাৰখনৰ দিনত কৃষকৰ আত্মহত্যা,মূল্য বৃদ্ধি , নিবনুৱা সমস্যাৰে জৰ্জৰিত হৈ পৰিছে দেশ । দেশ এতিয়া দিনে দিনে নিম্নগামীহে হৈছে ।আগন্তুক নিৰ্বাচনত কংগ্ৰেছে 200 খন আসন লাভ কৰিব বুলি কয় অসমৰ পৰা 6 বাৰকৈ সাংসদ হিচাপে জয়ী হোৱা জেষ্ঠ নেতা গৰাকীয়ে । ভাৰতৰ জনসাধাৰণযথেষ্ট জ্ঞানী, তেওঁলোকে শাস্তিও দিয়ে ,বঁটাও দিয়ে বুলি মন্তব্য কৰে প্ৰাক্তন সাংসদ তৰুণ গগৈয়ে ।

ABOUT THE AUTHOR

...view details