ৰঙিয়া, ১৪ ছেপ্টেম্বৰ:ৰঙিয়াৰ হাজোত খাদ্য-সামগ্রী বিতৰণ স্বেচ্ছাসেৱী সংগঠন গ্রাম্য বিকাশ মঞ্চৰ(Gramya Bikash Manch distribute food in Hajo)। পোষণ মাহৰ(Poshan Maah in Hajo)লগত সংগতি ৰাখি নলবাৰী জিলাৰ বৰবৰীস্থিত স্বেচ্ছাসেৱী সংগঠন গ্রাম্য বিকাশ মঞ্চই ৰঙিয়া আৰু হাজো উন্নয়ন খণ্ডৰ অন্তৰ্গত বান আৰু খৰাঙত বিধ্বস্ত লাচি-বিষ্ণুপুৰ, বালিসত্ৰ, নিতেনী, হেলেছা আৰু মোখনীয়া গাঁৱৰ ৫০ গৰাকী প্রসূতিক খাদ্য-সামগ্রী প্রদান কৰে ।
গীভ ইণ্ডিয়াৰ অৰ্থ সাহায্যৰে গ্ৰাম্য বিকাশ মঞ্চই এইসকল গৰ্ভৱতী আৰু প্ৰসূতি মাতৃৰ প্ৰতিগৰাকীক খাদ্য় সামগ্ৰীৰ একোটাকৈ টোপোলা প্ৰদান কৰে । গ্ৰাম্য বিকাশ মঞ্চৰ সভাপতি পৃথ্বিভূষণ ডেকা, সম্পাদক দিবাকৰ ডেকা, সহকাৰী সম্পাদক সুভাষ চন্দ্ৰ দাসৰ নেতৃত্বত অনুষ্ঠিত খাদ্য-সামগ্রী প্রদানৰ অনুষ্ঠানটো উদ্বোধন কৰে ৰঙিয়াৰ সংহত শিশু বিকাশ প্রকল্প বিষয়া(Integrated Child Development Project Officer) ডেইজীৰাণী দেৱীয়ে । ৰঙিয়াৰ আশা ছুপাৰভাইজাৰ বিভাৰাণী দিহিঙীয়া, গ্রাম্য বিকাশ মঞ্চৰ স্বেচ্ছাসেৱক প্রদীপ কুমাৰ শৰ্মা, ববিতা দাস, টিংকু বৈশ্য, অনুপম গোস্বামী, আতিকৰ ৰহমান, কৰৱী কলিতা আৰু টুলু কলিতায়ো এই অনুষ্ঠানত অংশগ্ৰহণ কৰে ।