আজাৰা, 29 নৱেম্বৰ: স্বাৱলম্বীতাৰ নিদৰ্শন দাঙি বহু যুৱকক কৰ্মসংস্থাপন দিয়া দক্ষিণ কামৰূপৰ এজন ব্যক্তিয়ে বৰ্তমান টকাৰ অভাৱত নিজৰ চিকিৎসাৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ৷ চৰকাৰ তথা নিৰ্বাচনী আয়োগৰ বাবে চৰম গাফিলতিৰ বাবেই এসময়ত বিভিন্ন জনক কৰ্মসংস্থাপন দিয়া ব্যক্তিজনে এতিয়া নিজৰ কৰ্মসংস্থাপনৰ বাবে উজাগৰী নিশা কটাবলগীয়া হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ দক্ষিণ কামৰূপৰ মিৰ্জাৰ নিৱাসী পাপু বাঞ্চাল নামৰ ব্যক্তিজনে অসমত অহা ইভিএম মেচিন বিভিন্ন ঠাইত ঠিকাভিত্তিত কাম দি বহু যুৱকৰ কৰ্মসংস্থাপন দিছিল ৷ আনকি নিৰ্বাচনৰ সময়ত কেমেৰাও ঠিকাত দিছিল পাপু বাঞ্চালক ।
বহুজনক ৰক্তদান কৰা পাপুৱে হাহাকাৰ কৰিছে এটোপাল ৰক্তৰ বাবে - চৰকাৰৰ গাফিলতি
চৰকাৰৰ গাফিলতিৰ বাবে দক্ষিণ কামৰূপৰ মিৰ্জাৰ নিৱাসী পাপু বাঞ্চাল নামৰ লোকজনে দুৰ্ভোগ ভুগিবলগীয়া হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ টকাৰ অভাৱত চিকিৎসাৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে পাপু বাঞ্চালে ।
পাপু বাঞ্চালক দিয়া ঠিকাসমূহৰ ধন চৰকাৰ তথা নিৰ্বাচন আয়োগে সঠিকভাৱে নিদিয়াত নিজৰ সম্পতি বিক্ৰী কৰি যুৱকসকলক মজুৰি দিব লগীয়া হৈছিল পাপুৱে । এনে সময়তে এদিন হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটি আঁঠুত গুৰুতৰভাবে আঘাট পোৱাত চিকিৎসাৰ বাবে ততাতৈয়াকৈ জিএমচিএইছত ভৰ্তি কৰিবলগীয়া হয় প্ৰাক্তন সাংবাদিক পাপু বাঞ্চালক । চিকিৎসকে ভৰি ভগা বুলি কৈ অস্ত্ৰোপচাৰৰ পৰামৰ্শ দিয়ে । কিন্তু অস্ত্ৰোপচাৰৰ পাছত তেজৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছিল পাপুয়ে । বৰ্তমানেও বিছনাতে পৰি ৰৈছে পাপু । টকাৰ অভাৱত চিকিৎসাৰ বাবে হাহাকাৰ কৰি ফুৰিছে পাপু বাঞ্চালে । চৰকাৰে পাবলগীয়া টকা নিদিয়াৰ বাবেই আজি এই অৱস্থা বুলি কয় পাপু বাঞ্চালে । এসময়ত পাপুৱে বিভিন্নজনক কৰিছিল ৰক্তদান ৷ কিন্তু বৰ্তমান নিজেই ভুগি আছে ৰক্তৰ অভাৱত ।