অসম

assam

ETV Bharat / state

ৰাষ্ট্ৰীয় শিক্ষানীতিৰ খচৰা সন্দৰ্ভত আলোচনা চক্ৰ - ৰাষ্ট্ৰীয় শিক্ষানীতিৰ খচৰা সন্দৰ্ভ

অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ সহযোগত অনুষ্ঠিত আলোচনা চক্ৰৰ শুভাৰম্ভ কৰে ৰাজ্যপাল জগদীশ মুখীয়ে । নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে ভাৰতক শিক্ষাৰ ক্ষেত্ৰত শক্তিশালী দিশলৈ আগবঢ়াই নিব বুলি মত ব্যক্ত কৰে ৷

ৰাষ্ট্ৰীয় শিক্ষানীতিৰ খচৰা সন্দৰ্ভত আলোচনা চক্ৰ

By

Published : Aug 10, 2019, 6:43 PM IST

গুৱাহাটী, 10 আগষ্টঃ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ খচৰা সন্দৰ্ভত IIT গুৱাহাটীত আলোচনা চক্ৰ । Intellectual forum of North East আৰু IIT গুৱাহাটীৰ উদ্যোগত অনুষ্ঠিত আলোচনা চক্ৰত
নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ প্ৰভাৱ সন্দৰ্ভত বিস্তাৰিতভাৱে আলোকপাত কৰা হয় । অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ সহযোগত অনুষ্ঠিত আলোচনা চক্ৰৰ শুভাৰম্ভ কৰে ৰাজ্যপাল জগদীশ মুখীয়ে । নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে ভাৰতৰ শিক্ষাৰ ক্ষেত্ৰত শক্তিশালী দিশলৈ আগবঢ়াই নিব বুলি মত ব্যক্ত কৰে ৷


আনহাতে, উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ মূৰব্বী উপস্থিত থকা আলোচনা চক্ৰখনত আলোচক সকলে এই শিক্ষানীতিৰ সম্ভাৱনা সন্দৰ্ভত বিষদভাৱে আলোকপাত কৰি মানৱসম্পদ উন্নয়ন মন্ত্ৰণালয়লৈ প্ৰেৰণ কৰিব বুলিও মত প্ৰকাশ কৰে ৷ ইফালে এই শিক্ষানীতিৰ ফলত অসমীয়া ভাষা সমস্যাৰ সন্মুখীন হ'ব নেকি বুলি সোধা এক প্ৰশ্নৰ উত্তৰত মুখীয়ে ৰাজ্য ভাষাত কোনো ধৰণৰ প্ৰভাৱ নেপেলায় বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় ।

ৰাষ্ট্ৰীয় শিক্ষানীতিৰ খচৰা সন্দৰ্ভত আলোচনা চক্ৰ

ABOUT THE AUTHOR

...view details