কামৰূপ,29 ফেব্ৰুৱাৰী:উদলি-মুদুলি উত্তৰ গুৱাহাটীৰ পুৰাণ প্ৰসিদ্ধ শ্ৰী শ্ৰী অশ্বক্লান্ত দেৱালয় । আয়তীৰ নাম প্ৰসংগ, পূজাৰীৰ মন্ত্ৰোচাৰণৰে মুখৰিত দেৱালয়ৰ প্ৰসংগ । ভগৱান শ্ৰীকৃষ্ণৰ স্মৃতি বিজড়িত 600 বছৰীয়া দেৱালয়খনৰ পোন প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে শ্ৰী শ্ৰী বিষ্ণু মহাযজ্ঞৰ । এই মহাযজ্ঞত প্ৰদান কৰা হ'ব ৫০ হাজাৰ আহুতি ।
উত্তৰ গুৱাহাটীৰ অশ্বক্লান্ত দেৱালয়ত ৰাজ্যপাল জগদীশ মুখী - শ্ৰী শ্ৰী অশ্বক্লান্ত দেৱালয়
কৃষ্ণৰ স্মৃতি বিজড়িত 600 বছৰীয়া শ্ৰী শ্ৰী অশ্বক্লান্ত দেৱালয়ত পোন প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে শ্ৰী শ্ৰী বিষ্ণু মহাযজ্ঞৰ ৷ মহাযজ্ঞত উপস্থিত হয় ৰাজ্যপাল জগদীশ মুখী ৷
শনিবাৰে দ্বিতীয় দিনা উত্তৰ গুৱাহাটীৰ অশ্বক্লান্ত দেৱালয়ত উপস্থিত হয় ৰাজ্যপাল জগদীশ মুখী । অশ্বক্লান্ত দেৱালয়ত উপস্থিত হৈ জগদীশ মুখীয়ে বিষ্ণু মহাযজ্ঞত অংশগ্ৰহণ কৰে । যজ্ঞৰ সন্ত সন্মিলনত ভাগ লৈ ৰাজ্যপালগৰাকীয়ে ভাৰতীয় সভ্যতা সংস্কৃতিৰ আলোকপাত কৰে । ভাৰতীয় সভ্যতা সংস্কৃতি আধ্যাত্মিক বৈদিক ৰীতি নীতি বিজ্ঞানৰ ওপৰত আধাৰিত বুলি বৰ্তমান পশ্চিমীয়া দেশসমুহে গ্ৰহণ কৰাটো ভাৰতৰ বাবে গৌৰৱৰ বিষয় বুলিও মন্তব্য দিয়ে ৰাজ্যপাল জগদীশ মুখীয়ে ।
লগতে পঢ়ক:গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাকৰিত শুভাৰম্ভণি দ্বিতীয় ‘জোনাকী’ৰ