অসম

assam

By

Published : Aug 13, 2021, 10:28 PM IST

ETV Bharat / state

চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ সিদ্ধান্ত প্ৰত্যাহাৰ চৰকাৰৰ

ৰাইজৰ ধাৰাবাহিক প্ৰতিবাদৰ ওচৰত হাৰ মানিলে অসম চৰকাৰে ৷ মন্ত্ৰী অশোক সিংঘালে সদৰি কৰিলে চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ডৰ সিদ্ধান্ত চৰকাৰে প্ৰত্যাহাৰ কৰাৰ কথা ৷ চন্দ্ৰপুৰৰ পৰিৱৰ্তে পূৰ্বৰ গুৱাহাটীৰ বৰাগাঁৱতে হ'ব ডাম্পিং গ্ৰাউণ্ড ৷

government-withdraws-decision-to-set-up-dumping-ground-in-chandrapur
চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ সিদ্ধান্ত প্ৰত্যাহাৰ চৰকাৰৰ

গুৱাহাটী, 13 আগষ্ট : বিগত ডেৰ মাহ ধৰি চন্দ্ৰপুৰত চলি থকা ডাম্পিং গ্ৰাউণ্ড বিৰোধী প্ৰতিবাদী কাৰ্যসূচীয়ে অৱশেষত সাৰ্থকতা লাভ কৰিলে ৷ স্থানীয় ৰাইজৰ প্ৰতিবাদক গুৰুত্ব সহকাৰে লৈ চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিছে অসম চৰকাৰে ৷ ৰাজ্য চৰকাৰৰ জলসিঞ্চন, নগৰ উন্নয়ন আৰু গুৱাহাটী মহানগৰ উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংঘালে শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত অৱগত কৰে এই কথা ৷

চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ সিদ্ধান্ত প্ৰত্যাহাৰ চৰকাৰৰ

চন্দ্ৰপুৰত অস্থায়ীভাৱেহে জাৱৰ পেলোৱা হৈছিল বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, পূৰ্বৰ গুৱাহাটীৰ বৰাগাঁৱতে ডাম্পিং গ্ৰাউণ্ড হ’ব ৷ ডাম্পিং গ্ৰাউণ্ডে পৰিৱেশ যাতে বিনষ্ট নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে অত্যাধুনিক ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷ ইফালে পৰিৱেশ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিবাদ সাব্যস্ত কৰি অহা চন্দ্ৰপুৰবাসীৰ দাবী পূৰণ হ’লেও চৰকাৰে পুনৰ পশ্চিম বৰাগাঁৱতে ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ সিদ্ধান্ত লোৱাত ইতিমধ্যেই প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

উল্লেখ যে, চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ বিৰুদ্ধে স্থানীয় ৰাইজ তথা বিভিন্ন দল-সংগঠনে আৰম্ভণিৰ পৰাই প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল ৷ ৰাইজৰ ধাৰাবাহিক প্ৰতিবাদৰ বাবে আনকি আৰক্ষীৰ নিৰাপত্তাৰ মাজত জাৱৰ কঢ়িয়াব লগা পৰিস্থিতিৰ সৃষ্টি হৈছিল ৷ অৱশেষত ৰাইজৰ ঐক্যবদ্ধ আন্দোনৰ ওচৰত চৰকাৰ হাৰ মানিবলৈ বাধ্য হ'ল ৷

চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ সিদ্ধান্ত প্ৰত্যাহাৰ চৰকাৰৰ

মন কৰিবলগীয়া যে, সেউজ ন্যায়াধিকৰণৰ নিষেধাজ্ঞাৰ পাছত দীপৰ বিলৰ সমীপৰ পশ্চিম বৰাগাঁৱৰ ডাম্পিং গ্ৰাউণ্ড গুৱাহাটী পৌৰ নিগমে বন্ধ কৰি দিছিল ৷ কিন্তু পুনৰ পশ্চিম বৰাগাঁৱৰ পূৰ্বৰ ঠাইৰ কিছু নিলগত জাৱৰ নিষ্কাশন কৰাৰ ব্যৱস্থা কৰিছে পৌৰ নিগমে ৷ ইতিমধ্যে পশ্চিম বৰাগাঁৱৰ 'বেলৰআলিৰ' হাউচফেডৰ ওচৰত জাৱৰ পেলোৱা আৰম্ভ কৰিছে প্ৰশাসনে ৷ যাক লৈ অঞ্চলটোত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ ইফালে দীপৰ বিলৰ জৈৱ-বৈচিত্ৰ প্ৰতি লক্ষ্য ৰাখি প্ৰকৃতিপ্ৰেমী সংগঠনসমূহেও ইয়াৰ বিৰোধিতা কৰিছে ৷

লগতে পঢ়ক :তীব্ৰ বাদানুবাদৰ অন্তত বিধানসভাত গৃহীত গো-সুৰক্ষা বিধেয়ক

ABOUT THE AUTHOR

...view details