অসম

assam

ETV Bharat / state

ৰঙিয়াত আৰক্ষীৰ জালত আফিংসহ গাঁওবুঢ়া - banned afing recovered from village Head house

ৰঙিয়াৰ বঢ়মপুৰ হাটবজালীত চাৰি লক্ষাধিক টকা মূল্যৰ নিষিদ্ধ আফিংসহ চৰকাৰী গাঁওবুঢ়া আৰক্ষীৰ জালত (Government Village Head in police net) । ধৃত গাঁওবুঢ়াজন হৈছে বঢ়মপুৰ হাটবজালী আৰু বৰকুকুৰীয়াৰ গাঁওবুঢ়া ধৰেশ্বৰ কলিতা ওৰফে ধন ।

Rangia
Rangia

By

Published : Sep 2, 2022, 7:16 PM IST

ৰঙিয়া, ২ ছেপ্টেম্বৰ : ৰঙিয়াৰ বঢ়মপুৰ হাটবজালীত চাৰি লক্ষাধিক টকা মূল্যৰ নিষিদ্ধ আফিংসহ চৰকাৰী গাঁওবুঢ়া আৰক্ষীৰ জালত (Government Village Head in police net) । ধৃত গাঁওবুঢ়াজন হৈছে বঢ়মপুৰ হাটবজালী আৰু বৰকুকুৰীয়াৰ গাঁওবুঢ়া ধৰেশ্বৰ কলিতা ওৰফে ধন । আৰক্ষীয়ে অভিযান চলাই গাঁওবুঢ়াৰ ঘৰৰ পৰা উদ্ধাৰ কৰে ১ কেজি নিষিদ্ধ আফিং (banned afing recovered from village Head house) ।

ৰঙিয়াত আৰক্ষীৰ জালত আফিংসহ গাঁওবুঢ়া

পুঠি-খলিহনাৰ পিছত এইবাৰ আৰক্ষীৰ জালত পৰিছে ৰৌ-বৰালি । বৃহস্পতিবাৰে নিশা ৰঙিয়াৰ বঢ়মপুৰ হাটবজালীত ৰঙিয়া মহকুমা আৰক্ষী বিষয়া সুশান্ত সিঙৰ নেতৃত্বত চলে নিষিদ্ধ আফিঙৰ বিৰুদ্ধে অভিযান । বঢ়মপুৰ হাটবজালী আৰু বৰকুকুৰীয়াৰ গাঁওবুঢ়া ধৰেশ্বৰ কলিতাৰ ঘৰত মহকুমা আৰক্ষী বিষয়াগৰাকীৰ নেতৃত্বত আৰক্ষীয়ে তন্নতন্নকৈ অভিযান চলায় । আৰক্ষীৰ অভিযানত উদ্ধাৰ হৈছে প্ৰায় ১ কেজি ওজনৰ নিষিদ্ধ আফিং ।

গাঁওবুঢ়াৰ শোৱনি কোঠাৰ চাজাৰ ওপৰত উদ্ধাৰ হয় প্ৰায় চাৰি লাখ টকা মূল্যৰ নিষিদ্ধ আফিং । লগে লগে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে গাঁওবুঢ়া ধৰেশ্বৰ কলিতাক (Village Head arrested in Rangia) । বৰ্তমান ৰঙিয়া থানাত জেৰা অব্যাহত ৰাখিছে গাঁওবুঢ়াক । দুখনকৈ গাঁৱৰ মুৰব্বী তথা গাঁওবুঢ়াই আফিং সৰবৰাহত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱাত সমগ্ৰ ৰঙিয়া মহকুমাতে সৃষ্টি হৈছে চাঞ্চল্যৰ ।

ইফালে গাঁওবুঢ়াক গ্ৰেপ্তাৰৰ পিছতে গাঁওবুঢ়াৰ সমৰ্থকসকলে ভিৰ কৰিছে ৰঙিয়া থানাত । আফিং সৰবৰাহত গাঁওবুঢ়া জড়িত নাই বুলি দাবী কৰিছে সমৰ্থনসকলে । আনহাতে, বিষয়টো সন্দৰ্ভত ৰঙিয়াৰ বিধায়ক ভবেশ কলিতাই মন্তব্য কৰি কয় যে পুলিচে নিজৰ কাম কৰিব । যদিহে তেওঁ দোষী সাব্যস্ত হয় তেতিয়াহ'লে কঠোৰ শাস্তি বিহাৰ ব‍্যৱস্থা কৰা হ'ব ।

লগতে পঢ়ক :ৰঙাপাৰাত অসম চাহ মজদুৰ সংঘৰ প্ৰতিবাদ

For All Latest Updates

ABOUT THE AUTHOR

...view details