ৰঙিয়া,8 জুলাই: ইতিমধ্যে বৰ্ধিত কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ (গ্ৰাম্য) জিলা প্ৰশাসনে বহুক্ষেত্ৰত জাৰি কৰিছিল বিশেষ নীতি-নিৰ্দেশনা ৷ বিশেষকৈ চৰকাৰী কাৰ্যালয়ৰ ক্ষেত্ৰত প্ৰযোজ্য় কৰা হৈছিল নীতি-নিয়মসমূহ ৷ সমান্তৰালকৈ ৰঙিয়া মহকুমা প্ৰশাসনেও জাৰি কৰিছিল এই নিৰ্দেশনা ৷ সেই অনুসৰি,ৰঙিয়াৰ সকলো চৰকাৰী বিভাগৰ কৰ্মচাৰীসকলে মহকুমাটোত থাকিয়ে দায়িত্ব পালন কৰিব লাগিব ৷ কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ নোহোৱালৈ কোনো বিষয়া-কৰ্মচাৰীয়ে কৰ্মস্থলী এৰি আন ঠাইলৈ যাব নোৱাৰিব ৷ কিন্তু চৰকাৰী নিৰ্দেশনা অমান্য কৰি ৰঙিয়াস্থিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ একাংশ কৰ্মচাৰীয়ে নিজৰ খেয়ালখুচি অনুসৰি কাৰ্যনিৰ্বাহ কৰি থকাৰ অভিযোগ উত্থাপিত হৈছে ৷ বিভাগটোৰ কাৰ্যবাহী অভিযন্তা পৰাগমণি বৰা, সহকাৰী কাৰ্যবাহী অভিযন্তা ৰম্যজ্যোতি শৰ্মা আৰু কাৰিকৰী সহকাৰী কাৰ্যবাহী অভিযন্তা জিতেন ভূঞাৰ বিৰুদ্ধে উত্থাপিত হৈছে উক্ত অভিযোগ ৷
প্ৰশাসনৰ নিৰ্দেশক অমান্য চৰকাৰী বিষয়ববীয়াৰ - ৰঙিয়া মহকুমা প্ৰশাসন
ৰঙিয়াস্থিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ একাংশ কৰ্মচাৰীয়ে নিজৰ খেয়ালখুচি অনুসৰি কাৰ্যনিৰ্বাহ কৰি থকাৰ অভিযোগ উত্থাপিত হৈছে ৷ বিভাগটোৰ কাৰ্যবাহী অভিযন্তা পৰাগমণি বৰা, সহকাৰী কাৰ্যবাহী অভিযন্তা ৰম্যজ্যোতি শৰ্মা আৰু কাৰিকৰী সহকাৰী কাৰ্যবাহী অভিযন্তা জিতেন ভূঞাৰ বিৰুদ্ধে উত্থাপিত হৈছে উক্ত অভিযোগ ৷
উল্লেখ্য যে, বিষয়া তিনিগৰাকীয়ে চৰকাৰী নিৰ্দেশনা কেৰেপ নকৰি দৈনিক মহানগৰী গুৱাহাটীৰ পৰা কাৰ্যালয়লৈ অহা-যোৱা কৰি আছে ৷ কিন্তু তিনিওগৰাকী বিষয়াই তলতীয়া কৰ্মচাৰীসকলৰ ক্ষেত্ৰত কঠোৰভাৱে প্ৰযোজ্য কৰিছে চৰকাৰী নিৰ্দেশনা ৷ সম্প্ৰতি গুৱাহাটী মহানগৰীত জাৰি ৰখা চৈধ্যদিনীয়া লক ডাউনৰ সময়ছোৱাত অন্য লোকক বাহিৰৰ পৰা প্ৰৱেশৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ৷ বিপৰীতে ৰঙিয়াৰ উক্ত বিষয়াকেইগৰাকীয়ে চৰকাৰী বাহন ব্যৱহাৰ কৰি দৈনিক অহা-যোৱা কৰি থকাৰ কথা পোহৰলৈ আহিছে ৷ বিষয়া তিনিগৰাকীৰ এই কাণ্ডত স্বাভাৱিকতে আতংকিত হৈ পৰিছে ৰঙিয়াৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অন্যান্য কৰ্মচাৰীসকল ৷ তদুপৰি মহানগৰী গুৱাহাটী কৰ’ণা ভাইৰাছ সংক্ৰমণৰ ক্ষেত্ৰত হটস্পট হিচাপে চিহ্নিত হোৱাত সম্প্ৰতি ৰঙিয়াস্থিত উক্ত চৰকাৰী বিভাগটোৰ অন্য কৰ্মচাৰীসকলৰ ক্ষেত্ৰত গণ সংক্ৰমণৰ আশংকা কৰা হৈছে ৷ চৰকাৰী নিৰ্দেশ অমান্য কৰা বিষয়া তিনিগৰাকীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ মহকুমাধিপতিৰ লগতে প্ৰশাসনক অনুৰোধ জনাইছে বিভাগটোৰ অন্যান্য বিষয়া-কৰ্মচাৰীসকলে ৷
লগতে চাওকঃসোণাৰীত লালীগুৰ জব্দঃ তিনিজনক আটক