গুৱাহাটী, ১৩ জুন : ক’ভিড-19 প্ৰতিষেধকৰ দ্বিতীয় পালি(Second Dose) লোৱা সকলো চৰকাৰী কৰ্মচাৰী(Government employee)য়ে সোমবাৰৰ পৰা নিয়মিতভাৱে যাব লাগিব কাৰ্যালয়লৈ । দেওবাৰে এই সন্দৰ্ভত ৰাজ্য চৰকাৰে জাৰি কৰিছে এক নিৰ্দেশনা ।
সোমবাৰৰ পৰা নিয়মীয়াকৈ কাৰ্যালয়লৈ যাব লগিব চৰকাৰী কৰ্মচাৰী - Second Dose
ৰাজ্য চৰকাৰৰ চৰকাৰী কৰ্মচাৰী(Government employee)ৰ বাবে নতুন আদেশ ৷ ক’ভিড-১৯ প্ৰতিষেধক দুয়োটা পালি গ্ৰহণ কৰা অসম চৰকাৰ(Assam Government)ৰ সকলো বিভাগৰ চৰকাৰী কৰ্মচাৰী(Government employee)ক ১৪ জুনৰ পৰা কাৰ্যালয়ত উপস্থিত থকাৰ নিৰ্দেশ ।
এই নিৰ্দেশনা মতে চৰকাৰী কাৰ্যালয়(Government Office)সমূহৰ কাম-কাজ সূচাৰুকৈ পৰিচালনা কৰাৰ বাবে ক’ভিড-১৯ প্ৰতিষেধক(Covid Vaccine)ৰ দুয়োটা পালি গ্ৰহণ কৰা অসম চৰকাৰ(Assam Government)ৰ সকলো বিভাগৰ চৰকাৰী কৰ্মচাৰী(Government employee)ক ১৪ জুনৰ পৰা অৰ্থাৎ সোমবাৰৰ পৰা কাৰ্যালয়ত নিয়মীয়াকৈ উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে । উল্লেখ্য যে, ক্রমাৎ সামান্য উন্নত হৈছে ৰাজ্যৰ ক’ভিড পৰিস্থিতি ৷ বিগত ২৪ ঘণ্টাত আক্ৰান্তৰ হাৰ ২.১৪ শতাংশলৈ হ্ৰাস পাইছে ।
লগতে পঢ়ক : ৰাজ্যত ক’ভিড আক্ৰান্তৰ হাৰ ২.১৪ শতাংশলৈ হ্ৰাস