ৰঙিয়া, 1 মে’: ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে কৰ’ণা মহামাৰীৰ আতংক ৷ এফালে কৰ’ণাৰ আতংক, আনফালে বজাৰত হুৰা-হুৰে বাঢ়িছে নিত্য নৈমিত্যিক সামগ্ৰীৰ দাম ৷ কৰ’ণাৰ গইনা লৈ একাংশ অসাধু ব্যৱসায়ীয়ে বঢ়াইছে খাদ্য সামগ্ৰীৰ দাম ৷
আলু, পিয়াঁজকে ধৰি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ নাটনিৰ ফলত অসাধু ব্যৱসায়ীয়ে খুচুৰা বজাৰত বৃদ্ধি কৰিছে সামগ্ৰীৰ দাম । আনহাতে, কিছু সংখ্যক ৰাইজৰ অভিযোগ কৰা অনুসৰি, প্ৰশাসনে সন্ধিয়া ছয় বজাৰ লগে লগে বজাৰ বন্ধ কৰাৰ নিয়ম বান্ধি দিয়াৰ বাবেও মূল্যবৃদ্ধি হৈছে ।