ৰঙিয়া,4 জুন :বেয়া খবৰবোৰৰ মাজতে ৰঙিয়াবাসীলৈ আহিল এটি সুখবৰ ৷ দীৰ্ঘদিনীয়া এটা সমস্যাৰ অন্ত পৰাৰ দিশে ৰঙিয়াবাসী ৷ ক'ভিড আতংকৰ মাজতে শীঘ্ৰে ৰঙিয়া স্বাস্থ্য খণ্ডত সংযোজিত হ'বলৈ গৈ আছে ICU ব্যৱস্থা ৷ ৰঙিয়াৰ আদৰ্শ চিকিৎসালয়ত জৰুৰীকালীন সেৱাৰ বাবে মুঠ 47 খন ICU বিছনাৰ ব্যৱস্থা কৰা হৈছে ৷ যাৰ দ্বাৰা উপকৃত হ'ব ৰঙিয়াবাসীৰ লগতে পাৰ্শ্বৱৰ্তী অঞ্চলৰ লোক সকল ৷
ৰঙিয়াবাসীলৈ সুখবৰ:আদৰ্শ চিকিৎসালয়ত সংযোজিত হ'ল 47 খন ICU - good news to Rangia's residency
ক'ভিড আতংকৰ মাজতে ৰঙিয়া স্বাস্থ্য খণ্ডত সংযোজিত হ'বলৈ গৈ আছে 47খন ICU বিছনা ৷ জৰুৰীকালীন সেৱাৰ বাবে ৰঙিয়াৰ আদৰ্শ চিকিৎসালয়ত ব্যৱস্থা কৰা হৈছে মুঠ 47 খন ICU বিছনাৰ ৷
![ৰঙিয়াবাসীলৈ সুখবৰ:আদৰ্শ চিকিৎসালয়ত সংযোজিত হ'ল 47 খন ICU As_rangia_good_news_to_Rangia's_residency_47_ICU_bed_add_to_model_Hospital_vis_AS10040](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-12008358-thumbnail-3x2-rng.jpg)
ৰঙিয়াবাসীলৈ সুখবৰ:আদৰ্শ চিকিৎসালয়ত সংযোজিত হ'ল 47 খন ICU
ৰঙিয়াবাসীলৈ সুখবৰ:আদৰ্শ চিকিৎসালয়ত সংযোজিত হ'ল 47 খন ICU
উল্লেখ্য যে, কিছুদিনৰ পূৰ্বে মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী ৰঙিয়াত উপস্থিত হৈ চিকিৎসালয়খনত ICU উপলদ্ধ হোৱাৰ কথা সঁদৰি কৰিছিল। তাৰ পাচতে আদৰ্শ চিকিৎসালয়খনত পূৰ্ণ গতিত চলিছে ICU নিৰ্মাণৰ কাম ৷ এই ICU ৰ ব্যৱস্থাই ৰঙিয়াৰ বৃহত্তৰ অঞ্চলৰ লগতে নিচে ওচৰতে লাগি থকা বালিসত্ৰ, ধুহিবালাৰ লগতে বাক্সা জিলাৰ অন্তৰ্গত গোৰেশ্বৰ আৰু নলবাৰী জিলাৰ অন্তৰ্গত কিছু অঞ্চলৰ ৰাইজক যথেষ্ট সুবিধা প্ৰদান কৰিব বুলি মন্তব্য কৰিছে চিকিৎসালয়খনৰ অধীক্ষক নৱনীতা বৰাই ।