গুৱাহাটী, ২৩ মাৰ্চ:সমাগত অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু (Rangali bihu 2023)৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বিহু সমিতিসমূহৰ লগতে ৰঙালী বিহু উদযাপনৰ বাবে সাজু হৈছে সোণালী জয়ন্তী বৰ্ষ গৰকা নাৰেংগী আঞ্চলিক ৰঙালী বিহু সন্মিলন (Golden jubilee celebration) ৷ সোণালী জয়ন্তী উপলক্ষে নাৰেংগী বিহু সন্মিলনে অনাগত ১৫ এপ্ৰিলৰ পৰা ১৯ এপ্ৰিললৈ পাঁচদিনীয়া কাৰ্যসূচীৰে নাৰেংগী উন্নয়ন সমিতিৰ বাকৰিত অনুষ্ঠিত কৰা হ’ব সোণালী জয়ন্তী বৰ্ষৰ বিভিন্ন কাৰ্যসূচী (Narengi Anchalik Rongali Bihu Sanmilan) ৷
এই উপলক্ষে বুধবাৰে নাৰেংগী আঞ্চলিক ৰঙালী বিহু সন্মিলন লাই খুঁটা স্থাপন আৰু বিহু কাৰ্যালয় মুকলি কৰা হয়(Foundation stone laid of bihu program) ৷ আয়তীৰ উৰুলি আৰু পুৰাহিতৰ মন্ত্ৰ উচ্চাৰণৰ মাজৰে বিহুৰ লাই খুঁটা স্থাপন কৰে দিছপুৰ সমষ্টিৰ বিধায়ক তথা বিহু উদযাপন কমিটিৰ সভাপতি অতুল বৰাই ৷ আনহাতে বিহু কাৰ্যালয় মুকলি কৰে স্থানীয় ব্যৱসায়ী তথা লায়ন্স ক্লাব, গুৱাহাটীৰ সভাপতি অজয় পোদ্দাৰে ৷ লাই খুঁটা স্থাপন আৰু কাৰ্যালয়ত মুকলি অনুষ্ঠানত উপস্থিত থাকে নাৰেংগী আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ কাৰ্যকৰী সভাপতি ফণীধৰ দাস, সাধাৰণ সম্পাদক কমল চন্দ্ৰ বৰাকে ধৰি উদযাপন কমিটিৰ বিষয়ববীয়া তথা স্থানীয় লোক ৷