দক্ষিণ কামৰূপত মাটি ফুটি ওলাল সোণৰ মূৰ্তি - মূৰ্তি উদ্ধাৰ
দক্ষিণ কামৰূপৰ ৰামপুৰ সুজনপাৰাত এটা মূৰ্তি উদ্ধাৰ হোৱাক লৈ সোমবাৰে অঞ্চলজুৰি সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ। পুৱা চোতালত ঝাৰু দিয়াৰ সময়ত হঠাৎ এগৰাকী মহিলাই প্ৰথমে সাপৰ নিচিনা মূৰ্তিটো প্ৰত্যক্ষ কৰি ঘৰৰ লোকক খবৰ দিয়ে।
দক্ষিণ কামৰূপত মাটি ফুটি ওলাল সোণৰ মূৰ্তি
আজাৰা, 15 এপ্ৰিল: বৰ্তমান মূৰ্তি চাবলৈ হেতা ওপৰা লাগিছে ভক্তৰ । সুজনপাৰাৰ দেৱেশ্বৰ কলিতাৰ ঘৰলৈ লানি নিচিগা সোঁত বৈছে ভক্তৰ । ধুপ-ধুনা, চাকি-বন্তিৰে এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে ৰামপুৰৰ সুজনপাৰাত। মহিলাগৰাকীৰ পৰিয়ালৰ মতে পূৰ্বতকৈ বৃদ্ধি পাইছে মূৰ্তিটোৰ উচ্চতা । ঘৰৰ আৰু স্থানীয় লোকৰ মতে উদ্ধাৰ হোৱা মূৰ্তিটো সোণ অথবা পিতলৰ বিষ্ণুৰ মূৰ্তি। দেৱেশ্বৰ কলিতাই জনোৱা মতে প্ৰথমে সৰু হৈ থকা মূৰ্তিটো ক্ৰমে পঞ্চমুখ সাপৰ নিচিনা হৈ শ্ৰী বিষ্ণুৰ ৰূপ গ্ৰহণ কৰিছে ।