ইউৰোপলৈ উৰা মাৰিলে গোলাপ ৰাভাই - Amberprix international
ইউৰোপত অনুষ্ঠিত হ'বলগীয়া PRO and AM world cup, Amberprix international আৰু Pro and Europe championshipত অংশগ্ৰহণ কৰিব গোলাপ ৰাভাই । অহা ১৭ মে'ৰ পৰা ২০ মে'লৈ অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিযোগিতা দুখনত অংশ ল'বলৈ বৃহস্পতিবাৰে বৰঝাৰ বিমান বন্দৰৰ পৰা উৰা মাৰিলে মিষ্টাৰ ৱৰ্ল্ড গোলাপ ৰাভাই ।
গুৱাহাটী,16মে': প্ৰথমে মিষ্টাৰ ইণ্ডিয়াৰ খিতাপ, তাৰ পাচত মিষ্টাৰ এছিয়াৰ আৰু শেহতীয়াকৈ মিষ্টাৰ ৱৰ্ল্ড খিতাপ দখল কৰি পুনৰ ইউৰোপলৈ ৰাওনা হৈছে অসম সন্তান গোলাপ ৰাভা । ইউৰোপত অনুষ্ঠিত হ'বলগীয়া PRO and AM world cup, Amberprix international আৰু Pro and Europe championshipত অংশগ্ৰহণ কৰিব গোলাপ ৰাভাই । অহা ১৭ মে'ৰ পৰা ২০ মে'লৈ অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিযোগিতা দুখনত অংশ ল'বলৈ বৃহস্পতিবাৰে বৰঝাৰ বিমান বন্দৰৰ পৰা উৰা মাৰিলে মিষ্টাৰ ৱৰ্ল্ড গোলাপ ৰাভাই । আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰবাৰ অসমৰ নাম উজলাবলৈ অসমবাসীৰ পৰা আশীৰ্বাদ বিচাৰিছে গোলাপ ৰাভাই । উল্লেখ্য যে ইউৰোপৰ বাবে অসমৰ পৰা এই প্ৰতিযোগিতাত কামৰূপৰ গোলাপ ৰাভা আৰু ডিব্ৰুগড়ৰ দিপাংকৰ শইকীয়া নিৰ্বাচিত হৈছে ।