অসম

assam

গৰৈমাৰীৰ টুক্ৰপাৰাত দুই জুৱাৰীক আটক

By

Published : Oct 18, 2019, 9:20 PM IST

বৃহস্পতিবাৰে নিশা ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰূপম হাজৰিকাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোৱে টুক্ৰাপাৰাৰ জহৰুদ্দিন আলীৰ ঘৰত অভিযান চলায় দুজন জুৱাৰীক আটক কৰাৰ লগতে জব্দ কৰে বহু সা সামগ্ৰী ৷

ছয়গাঁৱত আৰক্ষীৰ জালত দুই জুৱাৰী

ছয়গাঁও,১৮ অক্টোবৰঃ দক্ষিণ কামৰূপৰ ছয়গাঁও আৰক্ষীয়ে বৃহস্পতিবাৰে নিশা চলোৱা এক অভিযানত গৰৈমাৰীৰৰ টুক্ৰাপাৰাৰ পৰা দুজন জুৱাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে নগদ ধন আৰু আন আন বহু সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় ৷

গৰৈমাৰীৰ টুক্ৰপাৰাত দুই জুৱাৰীক আটক

জানিব পৰামতে ছয়গাঁও আৰক্ষীয়ে বৃহস্পতিবাৰে নিশা প্ৰায় ১ বজাত গৰৈমাৰীৰ টুক্ৰাপাৰাত চলোৱা অভিযানত দুজন জুৱাৰী আটক কৰাৰ লগতে১৭ খন বাইক,নগদ ধনৰ লগতে জুৱাৰ সামগ্ৰী আৰু এখন এল্ট' গাড়ী জব্দ কৰে। আৰক্ষী সুত্ৰে জানিব পৰা মতে পূৰ্বতে পোৱা অভিযোগৰ ভিত্তিত বৃহস্পতিবাৰে নিশা ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰূপম হাজৰিকাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোৱে টুক্ৰাপাৰাৰ জহৰুদ্দিন আলীৰ ঘৰত অভিযান চলায়। আৰক্ষীৰ উপস্থিতি গম পায় জুৱাৰী দলটোৰ একাংশই পলায়ন কৰে যদিও আৰক্ষীয়ে ইয়াৰে দুজনক আটক কৰিবলৈ সমৰ্থ হয়‌।আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোক দুজন হ'ল জয়দ আলী (৩০) আৰু নুমাজ আলী (২৫) । আনহাতে সেই স্থানৰ পৰা আৰক্ষীয়ে ১৭ খন বাইকৰ লগতে এখন এল্টো গাড়ী,কিছু জুৱাখেলৰ কাৰ্ড আৰু প্ৰায় পাঁচ হেজাৰ নগদ টকাও জব্দ কৰে ৷

ABOUT THE AUTHOR

...view details