বাইহাটা চাৰিআলি, 10 ছেপ্টেম্বৰ :বাইহাটা চাৰিআলিৰ ক'লাজলত ৰাইজে আটক কৰিছে দুই ছাগলী চোৰক । উল্লেখ্য যে, এ এছ ০১ এল চি ৯৫৯৪ নম্বৰৰ বিলাসী ইন’ভা বাহন ৰাখি ছাগলী চুৰি কৰি থকা অৱস্থাত ৰাইজে আটক কৰে সঞ্জীৱ ডেকা নামৰ যুৱকজনক । গুৱাহাটী মহানগৰীৰ পৰা পুঠিমাৰী অভিমুখে গৈ আছিল যুৱক কেইজন ।
বাইহাটা চাৰিআলিত ইন’ভাত আহিল ছাগলী চোৰ - ইনোভা বাহনেৰে ছাগলী চুৰি
বাইহাটা চাৰিআলিৰ ক'লাজলত ৰাইজে আটক কৰিছে দুই ছাগলী চোৰক । উল্লেখ্য যে, এ এছ ০১ এল চি ৯৫৯৪ নম্বৰৰ বিলাসী ইনোভা বাহনেৰে ছাগলী চুৰি কৰি থকা অৱস্থাত ৰাইজে আটক কৰে সঞ্জীৱ ডেকা নামৰ যুৱকজনক ।
![বাইহাটা চাৰিআলিত ইন’ভাত আহিল ছাগলী চোৰ বাইহাটা চাৰিআলিত ছাগলী চোৰ আটক](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8748860-741-8748860-1599727290140.jpg)
বাইহাটা চাৰিআলিত ছাগলী চোৰ আটক
উল্লেখনীয়ভাৱে উভতি অহাৰ পথত যুৱক কেইজনে বৰাটোলা নামৰ গাঁও খনৰ মাজেৰে গৈ থকা পথত ছাগলী এজনী গাড়ীত উঠাই থকাৰ অৱস্থাতে হাতে লোটে ধৰে বিলাসী বাহনত অহা চোৰ কেইজনক । ছাগলী চোৰ যুৱক কেইজনে সেই স্থানৰ পৰা ততাতৈয়াকৈ পলায়ণ কৰে যদিও কিছুদূৰ যোৱাৰ পাছতেই কলাজল চ'কত ৰাইজে পুনৰ আগভেটি ধৰে যদিও চালকৰ আসনত থকা সঞ্জীৱ ডেকাক এৰি বাকী কেইজন যুৱকে সেই ঠাইৰ পৰা পলায়ণ কৰে ৷