অসম

assam

By

Published : Sep 3, 2021, 6:21 PM IST

ETV Bharat / state

ৰঙিয়াৰ বালাগাঁৱত জব্দ নথি-পত্ৰ বিহীন ছাগলী ভৰ্তি ট্ৰাক

ৰাজ্যত আৰম্ভ হৈছে ছাগলীৰ ছিণ্ডিকেট । ৰঙিয়াৰ বালাগাঁৱত শুকুৰবাৰে জব্দ কৰা হয় নথি-পত্ৰ বিহীন এখন ছাগলী ভৰ্তি ট্ৰাক । ৰঙিয়াৰ বালাগাঁৱস্থিত পেট্ৰল পাম্পৰ সমীপৰতে জব্দ কৰা হয় এই ট্ৰাকখন ৷

goat laden truck seized in rangia
ৰঙিয়াৰ বালাগাঁৱত জব্দ নথি-পত্ৰ বিহীন ছাগলী ভৰ্তি ট্ৰাক

ৰঙিয়া, 3 ছেপ্টেম্বৰ : ৰাজ্যত এতিয়া গৰুৰ সমান্তৰালকৈ আৰম্ভ হৈছে ছাগলীৰ ছিণ্ডিকেট । গো-সুৰক্ষা আইন প্ৰণয়ন হোৱাৰ পিছত এইবাৰ আৰম্ভ হৈছে ছাগলীৰ ছিণ্ডিকেট । শেহতীয়াকৈ ৰঙিয়াৰ বালাগাঁৱত জব্দ কৰা হয় নথি-পত্ৰ বিহীন এখন ছাগলী ভৰ্তি ট্ৰাক ।

ৰঙিয়াৰ বালাগাঁৱস্থিত পেট্ৰল পাম্পৰ সমীপত জব্দ কৰা হয় এই ট্ৰাকখন ৷ নথি-পত্ৰ নোহোৱাকৈয়ে বহিঃৰাজ্যৰ পৰা শতাধিক ছাগলী কঢ়িয়াই আনিছিল ট্ৰাকখনে ৷ বালাগাঁৱত AS-01MC-4543 নম্বৰৰ আন এখন বাহনত ছাগলী আনল’ড কৰি আছিল ট্ৰাকখনে ৷ ট্ৰাকখনক লৈ সন্দেহ ওপজাত ছাগলী সৰবৰাহৰ লগত জড়িত লোককেইজনক সোধ-পোচ কৰে স্থানীয় আছু কৰ্মীয়ে ৷

ৰঙিয়াৰ বালাগাঁৱত জব্দ নথি-পত্ৰ বিহীন ছাগলী ভৰ্তি ট্ৰাক

লগতে পঢ়ক:চাপৰত ৰাইজৰ ৰোষত পৰিল বিলাসী বাহন লৈ অহা ছাগলী চোৰ

স্থানীয় আছুৰ কৰ্মীয়ে সদৰি কৰা মতে, বহিঃৰাজ্যৰ পৰা ছাগলীখিনি কঢ়িয়া অনা ট্ৰাকখনৰ নাছিল কোনো নথি-পত্ৰ ৷ অৰ্থাৎ কোনো নথি-পত্ৰ নোহোৱাকৈয়ে বিহাৰৰ পাটনাৰ পৰা ট্ৰাকখনে বৃহৎ সংখ্যক ছাগলী অসমলে কঢ়িয়াই আনিছিল বুলি সদৰি কৰিছে স্থানীয় আছু কৰ্মীয়ে ৷

ইফালে, জব্দ কৰা ট্ৰাকখনৰ লগত অহা আন এখন ট্ৰাকে পলায়ন কৰে বুলি অভিযোগ কৰিছে স্থানীয় লোকে ৷ জব্দকৃত ট্ৰাকখনৰ নম্বৰ হৈছে BR-01GH-5676 । ট্ৰাকখনৰ যিহেতু ছাগলী কঢ়িয়াই অনাৰ কোনোধৰণৰ নথি-পত্ৰ নাছিল, এনেক্ষেত্ৰত বহিঃৰাজ্যৰ পৰা ৰঙিয়া আহি পোৱালৈকে বহু ঠাইত আৰক্ষীক মেনেজ কৰি ছাগলী ভৰ্তি ট্ৰাকখন লৈ অহা হৈছিল বুলি অভিযোগ তুলিছে আছুৱে ৷

লগতে পঢ়ক:পুনৰ বৃহৎ নদী-বান্ধ নিৰ্মাণৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদত নামিল আছু

আছু কৰ্মীৰ দ্বাৰা অভিযানৰ উমান পাই ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনে ট্ৰাকখন এৰি পলায়ন কৰে বুলি জানিবলৈ দিছে স্থানীয় লোকে । ইতিমধ্যে আছুৱে ছাগলী ভৰ্তি ট্ৰাকখন আৰু আনল’ড কৰি থকা আনখন বাহন ৰঙিয়া আৰক্ষীক চমজাই দিছে । বৰ্তমান ছাগলী ভৰ্তি ট্ৰাকখনৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৰঙিয়া আৰক্ষীয়ে ৷

লগতে পঢ়ক:পুনৰ পুত্তলিকা জ্বলিছে: বৃহৎ নদী-বান্ধৰ বিৰুদ্ধে দল-সংগঠনৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details