বকো, ১০ ফেব্ৰুৱাৰী: গাৰো স্বায়ত্ব শাসিত পৰিষদৰ গঠনৰ দাবীত বুধবাৰে গাৰো জাতীয় পৰিষদে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । ছয়গাঁৱৰ শান্তিপুৰত প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে । লগতে গাৰো উন্নয়ন পৰিষদৰো বিৰোধিতা কৰে । যোৱা ২৮ জানুৱাৰীত বিজেপি নেতৃত্বাধীন চৰকাৰে নিৰ্বাচনৰ পূৰ্বে গাৰো জনগোষ্ঠীক সন্তুষ্ট কৰিবলৈ এক বিশেষ কৌশল অৱলম্বন কৰিছিল । এলেক্স কে চাংমাক চেয়াৰমেনৰ দায়িত্ব অৰ্পণ কৰি ২৫ জনীয়া উন্নয়ন পৰিষদ গঠন কৰা হৈছিল ।
এই পৰিষদ গঠনৰ পিছতে জাঙুৰ খাই উঠিছে গাৰো জাতীয় পৰিষদ । গাৰো জনগোষ্ঠীৰ প্ৰভাৱশালী সংগঠন গাৰো জাতীয় পৰিষদে গাৰো স্বায়ত্ব শাসিত পৰিষদ গঠনৰ দাবী জনায় । এই দাবীৰ সমৰ্থনত বুধবাৰে ছয়গাঁৱৰ শান্তিপুৰত গাৰো জাতীয় পৰিষদে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীয়ে । গাৰো উন্নয়ন পৰিষদক সমৰ্থন কৰা এলেক্স কে চাংমা, থিংগুল চাংমা আৰু ক্ৰ'চবেল মাৰাকৰ প্ৰতিকৃতি দাহ কৰে সংগঠনটোৰ কৰ্মকৰ্তাই ।