অসম

assam

ETV Bharat / state

গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ সংবাদমেল

অসমীয়া জাতিক ধৰ্মীয় পৰিচয়েৰে ভাগ ভাগ নকৰিবলৈ আহ্বান

pressmeet

By

Published : Mar 12, 2019, 10:40 PM IST

দিচপুৰ , 12 মাৰ্চ : দিছপুৰ প্ৰেছ ক্লাবত সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ সংবাদমেল ৷ অসমৰ খিলঞ্জীয়া ইছলামধৰ্মী গৰিয়া মৰিয়া দেশী আদি জনগোষ্ঠীক লৈ ৰাজনীতি নকৰিবলৈ একাংশ দল সংগঠনক আহ্বান ।

pressmeet

সংবাদমেলখনত সংগঠনটোৱে কয় যে স্বাধীনতাৰ 70 বছৰ পাছতো অসমৰ খিলঞ্জীয়া ইছলামধৰ্মী গৰিয়া মৰিয়া দেশী আদি জনগোষ্ঠীৰ উন্নয়ন নঘটিল । লগতে সংখ্যালঘু নতুবা মুছলমান নাম দি কেৱল ৰাজনীতি হে কৰিলে একাংশ লোকে ৷ কিন্তু বৰ্তমান এই সকল লোকৰ বাবে চৰকাৰে কিছু ব্যৱস্থা গ্ৰহণ কৰাৰ লগে লগে জাঙুৰ খাই উঠিছে ধৰ্মীয় মৌলবাদপুষ্ট বিশেষ সম্প্ৰদায়ৰ একাংশ লোক তথা পাবত গজা কেইবাটাও সংগঠন । লগতে চৰকাৰখনে মুছলমানক ভাগ ভাগ কৰিব খোজা বুলিও অভিযোগ উত্থাপন কৰে সংগঠনটোৱে ৷অসমীয়া জাতিক ধৰ্মীয় পৰিচয়েৰে ভাগ ভাগ কৰিব খোজা এই সকল লোকৰ বাবেই খিলঞ্জীয়া ইছলাম ধৰ্মী লাঞ্চিত বঞ্চিত বুলি সংবাদমেলত অভিযোগ কৰে সংগঠনটোৱে

ABOUT THE AUTHOR

...view details