গুৱাহাটী, 6 জুলাই :গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ক'ভিড-১৯ ত আক্ৰান্ত হৈ মৃত্যু হোৱা এজন ৰোগীৰ অংগ চিকিৎসালয় কৰ্তৃপক্ষই কাটি ৰখাৰ অভিযোগ উত্থাপন হোৱাৰ পাছতে ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ৷ মৃতদেহটোৰ চকুৰ পৰা আৰম্ভ কৰি শৰীৰৰ কেইবাটাও অংগ কাটি নিয়াৰ অভিযোগ তুলিছে মৃত যুৱকজনৰ পৰিয়ালৰ লোকে ৷ এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই ৷ এই অভিযোগক ভুৱা আখ্যা দিছে অধীক্ষক গৰাকীয়ে ৷
মৃত লোকজনৰ পৰিয়ালে উত্থাপন কৰা অভিযোগ ভিত্তিহীন বুলি মন্তব্য কৰিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়(GMCH)ৰ অধীক্ষক গৰাকীয়ে ৷ লগতে এই ভুৱা অভিযোগৰ উত্থাপন কৰা তথা চিকিৎসকক ধমকি দিয়াৰ বাবে এক গোচৰো ৰুজু কৰা হৈছে বুলি জনাইছে ডাঃ অভিজিৎ শৰ্মাই ৷ আনহাতে মৃতদেহটোৰ পৰা কোনো ধৰণৰ অংগ কটা হোৱা নাই বুলি স্পষ্ট কৰি এই সন্দৰ্ভত ইতিমধ্যেই মৃতদেহৰ ফটো প্ৰকাশ কৰা হৈছে বুলি মন্তব্য় কৰিছে অধীক্ষক গৰাকীয়ে ৷ এইধৰণৰ ভুৱা অভিযোগ আনিব নাপায় বুলি মন্তব্য কৰিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই ৷