অসম

assam

ETV Bharat / state

পখিলা খেদা বয়সত মৃত্যুৰে যুঁজিছে এগৰাকী পিতৃহাৰা কণমানি - guwahati

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ বিচনাত জীৱন মৃত্যুৰে যুঁজিছে কণমানি জ্যোতিস্মিতা দাসে। আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটোৱে উন্নত চিকিৎসাৰ বাবে এতিয়া সকলোৰে সহায় ভিক্ষা মাগিছে ৷

পখিলা খেদা বয়সত মৃত্যুৰে যুঁজিছে এগৰাকী পিতৃহাৰা কনমানিয়ে

By

Published : Jun 29, 2019, 2:01 PM IST

গুৱাহাটী, 29জুনঃ মহানগৰীৰ গাড়ীগাঁও শ্লুইচগেটৰ এগৰাকী কণমানি। পখিলা খেদাৰ বয়সতে কণমানি গৰাকী আক্ৰান্ত জটিল ৰোগত। চিকিৎসালয়ৰ বিচনাত জীৱন মৃত্যুৰে যুঁজিছে কনমাণি জ্যোতিস্মিতা দাসে। যোৱা কেইবাদিনো ধৰি বৃক্কৰ জটিল ৰোগত আক্ৰান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হৈ আছে ৬ বছৰীয়া কণমানিগৰাকী । পিতৃহাৰা কণমানিজনীৰ চিকিৎসাৰ নামত ইতিমধ্যেই বহু ধন ব্যয় হৈছে । বর্তমান দুৰ্ভগীয়া পৰিয়ালটিৰ নাই উন্নত চিকিৎসাৰ বাবে সাঁচতীয়া ধন । ইপিনে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত বৃক্ক ৰোগৰ উন্নত চিকিৎসা নাই বাবে কণমানিজনীক বহিঃৰাজ্যলৈ নিয়াৰ পৰামৰ্শ দিছে যদিও এতিয়াও উন্নত চিকিৎসাৰ বাবে ধন ব্যয় কৰিব পৰা সামৰ্থ নাই পৰিয়ালৰ । সেয়ে পৰিয়ালটোৱে উন্নত চিকিৎসাৰ বাবে এতিয়া সকলোৰে সহায় ভিক্ষা মাগিছে ৷

পখিলা খেদা বয়সত মৃত্যুৰে যুঁজিছে এগৰাকী পিতৃহাৰা কনমানিয়ে

ABOUT THE AUTHOR

...view details