বাইহাটা,22 মাৰ্চ:ছেলফীয়ে কাল হ‘ল শুৱালকুছিৰ এগৰাকী ছাত্ৰীৰ ৷ বান্ধৱীৰ সৈতে চেলফি উঠিবলৈ গৈ অকাল মৃত্যুক সাৱটিলে শুৱালকুছিৰ উৰ্বশী কলিতা নামৰ দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰীয়ে ৷
জানিব পৰা মতে, উৰ্বশী কলিতা নামৰ দশম শ্ৰেণীৰ ছাত্ৰী গৰাকীয়ে বান্ধৱীৰ সৈতে ফুৰিবলৈ গৈছিল পূৱ শুৱালকুছিৰ ফুলবাৰী পাহাৰৰ ওপৰত থকা এছিয়াৰ সৰ্ববৃহৎ পানী যোগান আঁচনিটোলৈ । পানীৰ টেংকীত উঠি ছেলফী ল’ব ধৰোতেই ছাত্ৰীগৰাকী পিছলি পৰি বৃহৎ পানীৰ টেংকীত পৰি সন্ধানহীন হৈ পৰে ছাত্ৰী গৰাকী । এই ঘটনাৰ পাছত ঘটনাস্থলীত উপস্থিত হোৱা অগ্নি নিৰ্বাপক বাহিনী আৰু স্থানীয় ৰাইজৰ সহযোগত বৃহৎ পানীটেংকীৰ পৰা উদ্ধাৰ কৰা হয় ছাত্ৰী গৰাকীৰ মৃতদেহ । ইতিমধ্যে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ৷