অসম

assam

By

Published : Sep 22, 2019, 6:59 AM IST

ETV Bharat / state

মহানগৰীৰ ৰাণী চাপৰিত প্ৰায় ১৫ টা বলধ গৰু চুৰি

মহানগৰীৰ ৰাণী চাপৰিৰ পৰা গৰু চোৰাং ব্যৱসায়ীয়ে চুৰি কৰিলে প্ৰায় ১৫ টা বলধ গৰু

মহানগৰীৰ ৰাণী চাপৰীত প্ৰায় ১৫ টা বলধ গৰু চুৰি

কামৰূপ,21 চেপ্তেম্বৰ : মহানগৰীৰ ৰাণী চাপৰিৰ পৰা শুকুৰাবৰে গৰু চোৰাং ব্যৱসায়ীয়ে কৃষক এজনৰ ঘৰৰ পৰা চুৰি কৰিলে প্ৰায় ১৫ টা বলধ গৰু ৷ বৰ্তমান মৰ্মাহত হৈ পৰিছে ভুক্তভোগী কৃষক পৰিয়ালটো ৷ ভুক্তভোগী কৃষকজনে শুৱালকুচি নদী আৰক্ষীক এজাহাৰ দাখিল কৰি এই চুৰি কাৰ্য্যৰ তদন্ত কৰিবলৈ অনুৰোধ জনাই যদিও নদী আৰক্ষীৰ পৰা কোনো সঁহাৰি নাপালে ৷ তদুপৰি শুৱালকুচি নদী আৰক্ষীয়ে কৃষকজনক জনাই তহলদাৰীৰ বাবে দুমাহ ধৰি নাই নদী আৰক্ষীৰ নাও বা ফেৰী ৷

মহানগৰীৰ ৰাণী চাপৰীত প্ৰায় ১৫ টা বলধ গৰু চুৰি

উল্লেখযোগ্য যে দুমাহ পূৰ্বেও ৰাণী চাপৰিৰ পৰা চুৰি হৈছিল প্ৰায় বহু কেইটা বলধ গৰু ।নদী আৰক্ষীৰ এই আচৰণত বৰ্তমান ক্ষোভিত হৈ পৰিছে ৰাণীগঞ্জ অঞ্চলৰ কৃষকসকল । নদী আৰক্ষীয়ে নিয়মীয়া তদলদাৰী নকৰিলে ৰাণী চাপৰিত আকৌ চুৰি হ'ব গৰু । সেয়েহে স্থানীয় ৰাইজ তথা কৃষকে ভট্টাপাৰা , পূব মাজিৰগাঁও, কেন্দুকুচি ৰাণী চাপৰিত চকু দিয়াৰ বাবে নদী আৰক্ষীৰ চকী স্থাপন কৰাৰ বাবে দাবী জনাই চৰকাৰক তথা পশ্চিম গুৱাহাটী সমষ্টিৰ স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাক ।

ABOUT THE AUTHOR

...view details