অসম

assam

ETV Bharat / state

সোণা উল্লাহক চৰ্ত সাপেক্ষে জামিন

সোণা উল্লাহৰ গোচৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়, প্ৰতিৰক্ষা মন্ত্ৰালয়, ৰাজ্য চৰকাৰ, এন আৰ চি কৰ্তৃপক্ষলৈ জাননী প্ৰেৰণ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে। গোচৰটোৰ তদন্তকাৰী বিষয়া চন্দ্ৰমল দাসৰ বিৰুদ্ধেও জাৰী কৰে গোচৰ।

By

Published : Jun 7, 2019, 5:34 PM IST

Updated : Jun 7, 2019, 8:43 PM IST

ETV BHARAT

গুৱাহাটী ,7 জুন: সোণা উল্লাহক শুকুৰবাৰে চৰ্ত সাপেক্ষে জামিন প্ৰদান কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷সোণা উল্লাহক ডিটেনচন কেম্পত মুক্তিৰ পূৰ্বে তেখেতৰ দুচকুৰ বায় মেট্ৰিক, ফিংগাৰ প্ৰিণ্ট, ফটো লবলৈ নিৰ্দেশ দিয়াৰ লগতে 20 হাজাৰ টকা "চিয়ৰিটি বণ্ড" কৰাৰ লগতে দুগৰাকী স্থানীয় সাক্ষী লোৱাৰ নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷

সোণা উল্লাহক চৰ্ত সাপেক্ষে জামিন

গুৱাহাটী উচ্চ ন্যায়ালয়ে সোণা উল্লাহক গোচৰ চলি থকাৰ সময়তে জিলা এৰি নাযাবলৈ নিৰ্দেশ জাৰি কৰে ৷ সোণা উল্লাহৰ হৈ ন্যায়াধীশ মনোজিত ভূঞা আৰু পি কে ডেকাৰ সন্মুখত পক্ষ ৰাখে উচ্চতম ন্যায়ালয়ৰ জেষ্ঠ অধিবক্তা ইন্দিৰা জয়সিং, অসমৰ জেষ্ঠ অধিবক্তা হাফিজ ৰচিদ চৌধুৰীয়ে এই দুগৰাকী জেষ্ঠ অধিবক্তাক সহযোগ কৰে বুৰহানুৰ ৰহমান আৰু ৱাদুত আহমেদে৷

সোণা উল্লাহক জামিন প্ৰদান কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে

এগৰাকী সুদক্ষ প্ৰাক্তন সেনা বিষয়াক বিদেশী বুলি আখ্যা দি ডিটেনচন কেম্পত ৰখা ঘটনাই চৰ্চা লাভ কৰিছিল সমগ্ৰ দেশতে ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত বিনা পাৰিশ্ৰমিকৰে সোণা উল্লাহৰ হৈ ওকালতি কৰিবলৈ আগবাঢ়ি আহে ভাৰতৰ এগৰাকী জ্যেষ্ঠ অধিবক্তা ইন্দিৰা জয়সিং। শুকুৰবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰে প্ৰাক্তন সেনা বিষয়া সোণা উল্লাহক ৷সোণা উল্লাহৰ গোচৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়, প্ৰতিৰক্ষা মন্ত্ৰালয়, ৰাজ্য চৰকাৰ, এন আৰ চি কৰ্তৃপক্ষলৈ জাননী প্ৰেৰণ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে। গোচৰটোৰ তদন্তকাৰী বিষয়া চন্দ্ৰমল দাসৰ বিৰুদ্ধেও জাৰি কৰে গোচৰ।

Last Updated : Jun 7, 2019, 8:43 PM IST

ABOUT THE AUTHOR

...view details