অসম

assam

ETV Bharat / state

গুৱাহাটী-ঢাকা বিমানসেৱা অনিৰ্দিষ্ট কাললৈ বন্ধ - গুৱাহাটী-ঢাকাৰ বিমানসেৱা বন্ধ

অনিৰ্দিষ্ট কাললৈ বন্ধ হ'ল গুৱাহাটী-ঢাকাৰ বিমানসেৱা । যোৱা ১ জুলাইত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুকলি কৰিছিল এই বিমানসেৱা ।

গুৱাহাটী-ঢাকা বিমানসেৱা অনিৰ্দিষ্ট কাললৈ বন্ধ

By

Published : Sep 29, 2019, 11:37 PM IST

দক্ষিণ কামৰূপ,29 ছেপ্টেম্বৰঃ :অনিৰ্দিষ্ট কাললৈ গুৱাহাটী-ঢাকাৰ বিমানসেৱা বন্ধ ঘোষণা উত্তৰ-পূৰ্বাঞ্চলৰ বিমানবন্দৰ প্ৰাধিকৰণৰ ৷ স্পাইছজেট কৰ্তৃপক্ষই তেওঁলোকৰ বিমান উৰণত কিছু অপাৰেচনেল আসোঁৱাহ থকাৰ বাবে বিমানসেৱা বন্ধ ৰখা বুলি জনালে উত্তৰ-পূৰ্বাঞ্চলৰ বিমানবন্দৰ প্ৰাধিকৰণৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ জিন্দালে । উল্লেখ্য যে, স্পাইছজেটৰ গুৱাহাটীৰ পৰা ঢাকালৈ চলাচল কৰা প্ৰথমখন আকাশীযান বৰঝাৰস্থিত আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত যোৱা ১ জুলাইত শুভাৰম্ভণি কৰিছিল অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । গুৱাহাটী আৰু ঢাকাৰ মাজত নতুন বিমানসেৱাৰ আৰম্ভ কৰাত স্পাইছজেটে ৭৮ খন আসনযুক্ত দুখন বিমান উৰণ আঁচনিৰ অধীনত যাতায়তৰ বাবে মুকলি কৰি দিছিল । সপ্তাহত দৈনিক ১১:৫৫ বজাত গুৱাহাটী বৰঝাৰ বিমানবন্দৰৰ পৰা আৰু ২:১০ বজাত ঢাকাৰ দুখন বিমান চলাচল কৰি আছিল । এই বিমানসেৱাৰ বাবে শৈক্ষিক,স্বাস্থ্য আৰু সাংস্কৃতিক বাতাবৰণ দুয়োখন দেশৰ মাজত অধিক সক্ৰিয় হ'ব বুলি আশা কৰা হৈছিল আছিল যদিও কিন্তু ক্ৰমে হ্ৰাস পাইছিল যাত্ৰীৰ সংখ্যা ৷ যাৰবাবে বৰ্তমান যাত্ৰীৰ অভাৱৰ বাবে বন্ধ হ'বলগীয়া হয় বিমানসেৱা । যাত্ৰীৰ অভাৱৰ বাবে এই বিমানসেৱা বন্ধ হোৱাটো নিশ্চয়কৈ অসমৰ বাবে এক দুঃখবৰ ৷

গুৱাহাটী-ঢাকা বিমানসেৱা অনিৰ্দিষ্ট কাললৈ বন্ধ

ABOUT THE AUTHOR

...view details