অসম

assam

ETV Bharat / state

২০১৪ ৰ বিধানসভা নিৰ্বাচনৰ পিছত ৰাইজে মূল্যবৃদ্ধিৰ আশা কৰিছিল:ঘনশ্যাম কলিতা

শুকুৰবাৰে কংগ্ৰেছৰ নেতৃত্বৰ সমগ্ৰ ৰাজ্যৰ লগতে ৰঙিয়াতো মূল্যবৃদ্ধি আৰু কৃষি আইনৰ বিৰুদ্ধে সাব্যস্ত কৰা হয় প্ৰতিবাদ ৷ কিন্তু প্ৰতিবাদী সমদলৰ মাজত সাংবাদিকৰে হোৱা মত বিনিময়ৰ সময়তেই হঠাৎ জিভা পিচল খায় প্ৰাক্তন কংগ্ৰেছ বিধায়ক ঘনশ্যাম কলিতাৰ ৷

By

Published : Jan 22, 2021, 8:28 PM IST

As_rangia_ghanashayam-kalita-slip-of-tongue-during-rangiya-congress-protest_vis_AS10040
২০১৪ ৰ বিধানসভা নিৰ্বাচনৰ পিছত ৰাইজে মূল্যবৃদ্ধিৰ আশা কৰিছিল:ঘনশ্যাম কলিতা

ৰঙিয়া,22 জানুৱাৰী:২০১৪ চনৰ বিধানসভা নিৰ্বাচনৰ পিছত ৰাইজে আশা কৰিছিল তথা বিজেপি চৰকাৰখনেও অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি হ’ব বুলি আশ্বাস প্ৰদান কৰিছিল ৷ ৰঙিয়াত মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছে আহ্বান কৰা প্ৰতিবাদী ৰেলীত হঠাৎ এই মন্তব্য কৰে প্ৰাক্তন কংগ্ৰছে বিধায়ক ঘনশ্যাক কলিতাই ৷ কিন্তু ততাতৈয়াকৈ বিধায়কগৰাকীয়ে নিজৰ ভুলৰ শুধৰণি কৰি লয় ৷ উল্লেখ্য যে, শুকুৰবাৰে কংগ্ৰেছৰ নেতৃত্বৰ সমগ্ৰ ৰাজ্যতে মূল্যবৃদ্ধি আৰু কৃষি আইনৰ বিৰুদ্ধে সাব্যস্ত কৰা হৈছে প্ৰতিবাদ ৷ সমান্তৰালকৈ ৰঙিয়াতো এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল প্ৰাক্তন কংগ্ৰেছ বিধায়ক ঘনশ্যাম কলিতাই ৷ কিন্তু সাংবাদিকৰ সৈতে মত বিনিময়ৰ সময়তেই হঠাৎ এনেদৰে জিভা পিচল খায় প্ৰাক্তন বিধায়গৰাকীৰ ৷

ৰঙিয়াত কংগ্ৰেছৰ প্ৰতিবাদ

ৰঙিয়াৰ কংগ্ৰেছ ভৱনৰ পৰা চাইকেল ৰেলী আৰম্ভ কৰি সমগ্ৰ ৰঙিয়াতেই প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ কৰ্মী সকলে ৷ শাসকীয় বিজেপি চৰকাৰখনে নাগৰিকত্ব সংশোধনী আইন, কৃষি আইন, EIA আদিৰ দৰে জনবিৰোধী আইন কিছুমান দেশৰ জনসাধাৰণক জাপি দিছে ৷ যাৰ বাবে আজি ৰাইজে এনদৰে প্ৰতিবাদ কৰিবলৈ ৰাজপথলৈ আহিবলগীয়া হোৱা বুলি মন্তব্য কৰে প্ৰাক্তন কংগ্ৰেছ বিধায়ক ঘনশ্যাম কলিতাই ৷

লগতে পঢ়ক-নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণৰ সময়-সূচী সলনি

ABOUT THE AUTHOR

...view details