অসম

assam

ETV Bharat / state

কমলপুৰত বহিৰাগত বণিকৰ আধিপত্যত শংকিত ৰাইজ - কামৰূপ জিলা

বহিৰাগত কোম্পানীৰ দপদপনিত হাহাকাৰ পৰিস্থিতি কমলপুৰ সমষ্টিৰ অন্তৰ্গত আল্টা গাঁৱত ৷ স্থানীয় ৰাইজৰ অজ্ঞাতে দালালে বিক্ৰী কৰিছে বহু হেক্টৰ ভূমি ৷ থলুৱাৰ সলনি বহিৰাগতৰ দপদপনি আল্টা গাঁৱত ৷

General public in Kamalpur apprehensive an external company At  Kamrup District
কমলপুৰত বহিৰাগত কোম্পানীৰ দপদপনিত শংকিত সাধাৰণ ৰাইজ

By

Published : Jul 27, 2021, 6:36 PM IST

বাইহাটা, 27 জুলাই : কমলপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত আল্টা গাঁৱত বহিৰাগতৰ দপদপনি বৃদ্ধি ৷ কমলপুৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ কেইজনমান দালালৰ সহায়ত বিভিন্ন বহিৰাগত কোম্পানীৰ মালিকক ভূমি বিক্ৰী কৰাৰ গুৰুতৰ অভিযোগ কৰিছে ভূমিৰ মালিকপক্ষই ৷ কাৰোবাৰ নামত থকা ভূমি কাৰোবাক বিক্ৰী কৰাৰ অভিযোগ তুলিছে ভূমিৰ মালিক পক্ষই ৷ ভূমি বিক্ৰী কৰা বুলি কোনো খবৰেই নাপাই বুলি সাংবাদিকৰ আগত সদৰী কৰিছে ভুক্তভোগীসকলে ৷

আনহাতে, কোম্পানীৰ মালিকপক্ষই ক্ৰয় কৰা ভূমিসমূহৰ প্ৰকৃত গৰাকীয়ে লাভ কৰা নাই কোনো খবৰ । অৰ্থাৎ মাটিৰ গৰাকীৰ অজ্ঞাতে বিক্ৰী হৈছে অধিকাংশ কৃষি ভূমি ৷ ফলত বছৰ বছৰ ধৰি কৃষি কৰি অহা স্থানীয় লোকসকলক বিভিন্ন দাবী-ধমকি দিয়া বুলিও অভিযোগ উঠিছে কোম্পানীৰ বিৰুদ্ধে ৷ ইফালে মাটিৰ গৰাকীসকলে বণিক গোষ্ঠীৰ ওচৰত প্ৰতিবাদ কৰিও লাভ কৰা নাই সুফল ৷

লগতে পঢ়ক - বিবদমান ভূমিৰ প্ৰকৃত গৰাকী অসম নহয় মিজোৰাম হে : চি লালৰচাংগা

উল্লেখ্য যে, ইমান এটা ডাঙৰ বিষয় সন্দৰ্ভত জিলা প্ৰশাসনৰ ওচৰ চাপিও একো ফল নাপালে বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে । ইতিমধ্যে কমলপুৰৰ আল্টা গাঁৱৰ বৃহত্তৰ কৃষি ভূমিত 'মিট্টাল' মালিকানাধীন কোম্পানীয়ে নিৰ্মাণ কৰিছে এটা বৃহৎ উদ্যোগ । উক্ত ঘটনাটোক কেন্দ্ৰ কৰি সৰৱ হৈ পৰিছে স্থানীয় ৰাইজ ৷

কমলপুৰত বহিৰাগত কোম্পানীৰ দপদপনিত শংকিত সাধাৰণ ৰাইজ

প্ৰাকৃতিক সেউজ পৰিৱেশেৰে ভৰপূৰ বিস্তীৰ্ণ অঞ্চলটো একালত বিভিন্ন পৰিভ্ৰমী চৰাইৰে ভৰি আছিল । কিন্তু এচাম বহিৰাগত বণিক গোষ্ঠীৰ হাতোৰাত তচনচ হৈ পৰিছে বৃহত্তৰ কৃষি ভূমি । এই সুযোগ গ্ৰহণ কৰিয়েই বহিৰাগত বণিকে পানীৰ দৰত ক্ৰয় কৰিছে এফালৰ পৰা কৃষি ভূমি । নিৰ্মাণ কৰি গৈছে বৃহৎ উদ্যোগ ।

এই বিষয়ক লৈ কোনো এটা দল-সংগঠনে মাত নমতাত চিন্তিত হৈ পৰিছে স্থানীয় লোকসকল ৷ ইফালে ৰাজ্য চৰকাৰৰ উদ্যোগ নীতি তথা উদ্যোগ কৰিডৰত অন্তৰ্ভুক্ত হোৱা এই অঞ্চল সমূহৰ লোকসকলৰ মাজত সৃষ্টি হৈ বহু সমস্যা ৷ চৰকাৰে এইক্ষেত্ৰত কি ভূমিকা লয়, সেয়া হ'ব লক্ষণীয় ৷

লগতে পঢ়ক - ভূমি বিবাদ : ব্ৰু-হালম সংঘৰ্ষত উত্তপ্ত ত্ৰিপুৰাৰ ডামছেৰা

ABOUT THE AUTHOR

...view details