গুৱাহাটী, ১৫মে:গুৱাহাটীৰ মাটিক তুলনা কৰা হয় হীৰাৰ সৈতে । সেয়ে ভিন্ন সময়ত গুৱাহাটীৰ মাটি বেদখলৰ বাবে একাংশ দালাল প্ৰকৃতিৰ লোকে এনে অপচেষ্টা চলাই অহা পৰিলক্ষিত হয় । এইবাৰ গুৱাহাটীৰ ২ নং মঠঘৰীয়াত মাটি বেদখলৰ তেনে এক অভিযোগ উত্থাপিত হৈছে (Trying to land encroached in Mathgharia)। এই অভিযোগ উত্থাপন কৰিছে গীতালি মহিলা সমিতিয়ে ।
বিগত ২৫ বছৰ ধৰি গীতালি সমিতিয়ে 2 নং মঠঘৰীয়াৰ 2 বিঘা ভূমিত কাৰ্যালয় স্থাপনেৰে ভিন্ন সামাজিক কাৰ্য চলাই আহিছে (Geetali Mahila Samiti against land encroachment)। গীতালি মহিলা সমিতিয়ে বছৰ বছৰ ধৰি ব্যৱহাৰ কৰি অহা উক্ত ভূমি ডোখৰ এক দুষ্টচক্ৰই দখলৰ অপচেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত হৈছে । অভিযোগ অনুসৰি জনৈক তালুকদাৰ উপাধিৰ এজন মাটিৰ দালালে গীতালি মহিলা সমিতিৰ একাংশ অবৈধ বিষয়ববীয়াৰ সৈতে মিলি সেই মাটিডোখৰ নিজৰ নামত অবৈধভাৱে হস্তান্তৰ কৰাৰ যো-জা চলাইছে ।
স্থানীয় ৰাইজে কৰা অভিযোগ অনুসৰি উক্ত মাটিডোখৰ নিজৰ নামত হস্তান্তৰ কৰাৰ লক্ষ্যৰে জনৈক তালুকদাৰে কিছুদিন পূৰ্বে মহিলা সমিতিৰ বেংক একাউন্টত প্ৰায় ৪০ লাখ টকা ট্ৰেন্সফাৰ কৰি ৫ কোটি টকাৰো অধিক মূল্যৰ মাটিডোখৰ নিজৰ নামত কৰিবলৈ চক্ৰান্ত কৰে (Public meeting against land encroachment) । মহিলা সমিতিৰ অন্য সদস্য আৰু ৰাইজে কৰা অভিযোগ মতে, সমিতিৰ একাংশ বিষয়ববীয়াৰ সৈতে মিলি কেইবা কোটিটকীয়া মাটি ডোখৰ ৪০ লাখ টকা প্ৰদান কৰি মাটিৰ মালিকীস্বত্ব লাভৰ চক্ৰান্ত কৰিছে । এই চক্রান্তৰ কথা জানিব পাৰি সোমবাৰে সমিতিৰ অন্য বিষয়ববীয়া-সদস্যৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ উপস্থিতিত গীতালি মহিলা সমিতিৰ প্ৰাক্তন সভানেত্রী মোহিনী হাজৰিকাৰ সভাপতিত্বত সমিতিৰ কাৰ্যালয় প্ৰাংগনত অনুষ্ঠিত হয় এখন ৰাজহুৱা সভা ।