অসম

assam

ETV Bharat / state

উত্তৰ গুৱাহাটী বটলিং প্লান্টত দুৰ্ঘটনাঃ প্লাণ্টৰ টেংকীৰ পৰা নিৰ্গত 500 ৰন্ধন গেছ - bottling plant in Guwahati

আতংকিত উত্তৰ গুৱাহাটীবাসী ৷ ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল IIT-গুৱাহাটী সহ উত্তৰ গুৱাহাটীবাসী ৷

উত্তৰ গুৱাহাটী বটলিং প্লান্টৰ টেংকীৰ পৰা নিৰ্গত ৰন্ধন গেছ

By

Published : Oct 25, 2019, 2:31 PM IST

গুৱাহাটী,25 অক্টোবৰ:উত্তৰ গুৱাহাটীৰ বটলিং প্ৰকল্পত ভয়ংকৰ অঘটন ৷ ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল IIT-গুৱাহাটী সহ উত্তৰ গুৱাহাটীবাসী ৷ কাৰিকৰী বিজুতিৰ বাবে বটলিং প্লান্টৰ টেংকীৰ পৰা নিৰ্গত হ'ল প্ৰায় ৫০০ টন ৰন্ধন গেছ ৷ প্ৰায় এঘন্টা সময় প্ৰকল্পটোৰ পৰা নিৰ্গত হ'ল ৰন্ধন গেছ ৷ অৱশেষত অভিজ্ঞ কৰ্মী সকলৰ তৎপৰতাত নিয়ন্ত্ৰণলৈ আহে পৰিস্থিতি ৷

উল্লেখ্য যে, নিৰ্গত হোৱা ৰন্ধন গেছৰ বজাৰ মূল্য প্ৰায় আঢ়ৈ কোটি টকা ৷ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিল যদিও বৰ্তমানেও আতংকিত উত্তৰ গুৱাহাটীবাসী ৷

ABOUT THE AUTHOR

...view details