অসম

assam

ETV Bharat / state

ছয়গাঁৱত "গাৰো স্বায়ত্ব শাসিত পৰিষদ দাবী কমিটী" গঠন - স্বায়ত্ব শাসিত পৰিষদ

পুনৰ গঠন কৰা হ’ল সংযুক্ত গাৰো স্বায়ত্ব শাসিত পৰিষদ দাবী কমিটী ৷ ছয়গাঁৱৰ শান্তিপুৰত গাৰো জাতীয় পৰিষদৰ কাৰ্যালয়ৰ বাকৰিত সম্পূৰ্ণ ক'ভিড প্ৰ'টকল পালন কৰি অনুষ্ঠিত কৰা এখন সভাত এই কমিটী গঠন কৰা হয় ৷

ছয়গাঁৱত "গাৰো স্বায়ত্ব শাসিত পৰিষদ দাবী কমিটী" গঠন
ছয়গাঁৱত "গাৰো স্বায়ত্ব শাসিত পৰিষদ দাবী কমিটী" গঠন

By

Published : Apr 30, 2021, 10:32 PM IST

বকো, 30 এপ্ৰিল :ছয়গাঁৱৰ শান্তিপুৰত 'সংযুক্ত গাৰো স্বায়ত্ব শাসিত পৰিষদ দাবী কমিটী'খন অলপতে গঠন কৰা হয় । এই উপলক্ষে ছয়গাঁৱৰ শান্তিপুৰত গাৰো জাতীয় পৰিষদৰ কাৰ্যালয়ৰ বাকৰিত সম্পূৰ্ণ ক'ভিড প্ৰ'টকল পালন কৰি এখন সভা অনুষ্ঠিত কৰা হয় ৷

এই সভাত উপস্থিত থাকে কামৰূপ আৰু গোৱালপাৰা জিলাৰ বিভিন্ন গাৰো সংগঠনৰ নেতৃবৰ্গৰ লগতে গাৰো অধ্যুষিত অঞ্চলসমূহৰ গাঁওবুঢ়াসকল। সভাৰ মূল উদ্দেশ্য আছিল গাৰোসকলৰ মুখ্য দাবী গাৰো স্বায়ত্ব শাসিত পৰিষদ গঠনৰ বাবে কামৰূপ আৰু গোৱালপাৰা জিলাৰ সকলো সংগঠন একত্ৰিত হৈ চৰকাৰক দাবী জনোৱা ।

উল্লেখ্য যে, পূৰ্বেও 'সংযুক্ত গাৰো স্বায়ত্ব শাসিত পৰিষদ দাবী কমিটী' আছিল, কিন্তু কমিটীক চৰকাৰে গাৰো উন্নয়ন পৰিষদ দিয়াৰ বাবে প্ৰস্তাৱ দিছিল ৷ যাৰ ফলস্বৰূপে গাৰো উন্নয়ন পৰিষদ দিয়াৰ ক্ষেত্ৰত অসন্তুষ্টি প্ৰকাশ কৰি গাৰোসকলে উন্নয়ন পৰিষদৰ প্ৰস্তাৱক নাকচ কৰাৰ লগতে কমিটীখনো ভংগ কৰি দিয়ে।

কামৰূপ জিলাৰ গাৰো জাতীয় পৰিষদৰ উপদেষ্টা চুনিত পি. মাৰাকক সভাপতি আৰু গোৱালপাৰা জিলাৰ বেনহুৰ চাংমাক সম্পাদক হিচাপে লৈ এখন 6 জনীয়া 'সংযুক্ত গাৰো স্বায়ত্ব শাসিত পৰিষদ দাবী কমিটী' গঠন কৰা হয়। ইফালে, উক্ত সভাত ক'ভিড-১৯ ৰ বাবে মাস্ক বিতৰণ কৰাৰ বিপৰীতে এই সম্পৰ্কে আলোচনা কৰা লগতে গাৰো গাঁওসমূহত ক'ভিড প্ৰ'টকলসমূহ পালন কৰাৰ বাবে আহ্বান জনায়।

লগতে পঢ়ক: পুনৰ আলফা(স্বা)ৰ দুই সদস্যৰ আত্মসমৰ্পন

ABOUT THE AUTHOR

...view details