নিউজ ডেক্স, 22 আগষ্টঃ স্বৰ্গদেউ চ্যুকাফাৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰা কলকাতাৰ তথাকথিত বুদ্ধিজীৱী গৰ্গ চেটাৰ্জীয়ে ক্ষমা বিচাৰিছে অসমবাসীৰ ওচৰত ৷ শনিবাৰে নিজ টুইটাৰ একাউন্টযোগে এটি ভিডিঅ’ শ্বেয়াৰ কৰি তেখেতে অসমবাসীৰ আবেগক আঘাত কৰাৰ বাবে ৰাজহুৱাভাৱে ক্ষমা বিচাৰে ৷
অসমবাসীৰ ওচৰত ক্ষমা বিচাৰিলে গৰ্গ চেটাৰ্জীয়ে - গৰ্গ চেটাৰ্জী বাতৰি
শনিবাৰে নিজ টুইটাৰ একাউন্টযোগে এটি ভিডিঅ’ শ্বেয়াৰ কৰি অসমবাসীৰ ওচৰত ক্ষমা বিচাৰিলে কলকাতাৰ তথাকথিত বুদ্ধিজীৱী গৰ্গ চেটাৰ্জীয়ে ৷
অসমবাসীৰ ওচৰত ক্ষমা বিচাৰিলে গৰ্গ চেটাৰ্জীয়ে
ভিডিঅ’টোত তেখেতে নিজৰ চ’ছিয়েল মিডিয়া পোষ্টৰ জৰিয়তে আহোম স্বৰ্গদেউ চ্যুকাফাই চীনৰ পৰা আহি অসম আক্ৰমণ কৰিছিল বুলি যি কটু মন্তব্য কৰিছিল তাৰ বাবে টাই আহোম সমাজ আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোলৱালৰ সন্মুখত ক্ষমা বিচাৰে ৷