অসম

assam

ETV Bharat / state

ৰঙিয়াত গৰখীয়া গোপাল মাৰলী থানৰ বাৰ্ষিক মহোৎসৱ - গৰখীয়া গোপাল মাৰলী থানৰ বাৰ্ষিক মহোৎসৱ

গৰখীয়া গোপাল মাৰলী থানৰ বাৰ্ষিক মহোৎসৱত লক্ষাধিক ভক্তৰ সমাবেশ ৷ তুলসীবাৰীত উখল-মাখল পৰিৱেশ ৷

ৰঙিয়া
ৰঙিয়াত গৰখীয়া গোপাল মাৰলী থানৰ বাৰ্ষিক মহোৎসৱ

By

Published : Jan 27, 2020, 2:44 PM IST

ৰঙিয়া, 27 জানুৱাৰীঃ ৰঙিয়াত তিনিদিনীয়া কাৰ্যাসূচীৰে উলহ-মালহেৰে পালন কৰা হয় গৰখীয়া গোপাল মাৰলী থানৰ বাৰ্ষিক মহোৎসৱ। তুলসীবাৰীৰ নান্দনিক পৰিৱেশৰ মাজত লোকাৰণ্য হৈ পৰিছে মাৰলী থানৰ মহোৎসৱস্থলী। সোমবাৰে মহোৎসৱৰ দ্বিতীয় দিন। এই মহোৎসৱৰ মূল কাৰ্যসূচীত ডেৰ লক্ষাধিক লোকে গোপাল প্ৰভূৰ আশীষ লয় । প্ৰবাদ অনুসৰি ইয়াত চাকি-বন্তি জ্বলাই পূজা-অৰ্চনা কৰিলে ভক্তৰ মনোবাঞ্ছা পূৰ্ণ হয় । গৰখীয়া গোপাল মাৰলী থানৰ বাৰ্ষিক মহোৎসৱত লক্ষাধিক ভক্তই একলগে ভোগ গ্ৰহণ কৰা দৃশ্য অতি আকৰ্ষণীয় হৈ পৰে। এই ভোগ বিতৰণৰ বাবে ১৫০০ স্বেচ্ছাসেৱক নিয়োগ কৰে। ১০০ টা চৌকাত ভোগ প্ৰস্তুতৰ বাবে ৫০০ গৰাকী ৰান্ধনী নিয়োগ কৰা হয় । ভক্তসকলৰ বাবে ২০০০ থালি খিচিৰি ভোগ প্ৰস্তুত কৰে উদ্যোক্তাসকলে । মানস পূৰ্তিৰ আস্থাৰ থলী হিচাপে জনাজাত এই মহোৎসৱটিত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা ৰাইজৰ সমাগম ঘটে।

ৰঙিয়াত গৰখীয়া গোপাল মাৰলী থানৰ বাৰ্ষিক মহোৎসৱ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details