অসম

assam

ETV Bharat / state

কি অৱস্থাত আছে গান্ধী মণ্ডপৰ ৰাষ্ট্ৰীয় পতাকাখন ? - গান্ধী জয়ন্তী

গান্ধী মণ্ডপৰ ৰাষ্ট্ৰীয় পতাকাৰ প্ৰতি জি এম ডি এৰ অৱহেলা ৷ 15 আগষ্টলৈ মাজত মাথো চাৰিটা দিন বাকী থকাৰ অৱস্থাটো গা লৰা নাই জি এম ডি এৰ ।

কেনে আছে গান্ধী মণ্ডপৰ ৰাষ্ট্ৰীয় পতাকাখন ?

By

Published : Aug 10, 2019, 6:03 PM IST

গুৱাহাটী,10আগষ্টঃ দেশৰ তৃতীয় সৰ্বোচ্চ উচ্চতাত গান্ধী মণ্ডপস্থিত ৰাষ্ট্ৰীয় পতাকাখনৰ প্ৰতি হেমাহী জি এম ডি এৰ । 15 আগষ্টলৈ মাজত মাথো চাৰিটা দিন বাকী থকাৰ সমান্তৰালকৈ সমাগত গান্ধী জয়ন্তীলৈ বাকী আছে কেইটামান দিন । কিন্তু এতিয়াও গা লৰা নাই জি এম ডি এৰ । যাৰ বাবে দেশৰ প্ৰতীকৰ প্ৰতি এনে অসন্মান প্ৰদৰ্শন কাৰ্যত স্থানীয় নাগৰিকসকলে কঠোৰ ভাষাৰে নিন্দা কৰিছে জি এম ডি এক । লগতে নৈ কাষৰীয়া অঞ্চলত এনে প্ৰকল্প গঠন কৰাৰ পূৰ্বে তেওঁলোকে এখন কমিটি গঠন কৰি ৰাষ্ট্ৰীয় পতাকাখন স্থাপনৰ ব্যৱস্থা ল'ব লাগিছিল বুলিও কয় স্থানীয় ৰাইজে ।

কেনে আছে গান্ধী মণ্ডপৰ ৰাষ্ট্ৰীয় পতাকাখন ?

উল্লেখ্য যে বিগত বৰ্ষৰ গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৩১৯.৫ ফুট উচ্চতাৰ ভাৰতৰ ভিতৰতে তৃতীয় বৃহৎ পতাকাখন উত্তোলন কৰিছিল ।

ABOUT THE AUTHOR

...view details