অসম

assam

ETV Bharat / state

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যজুৰি গণ সত্যাগ্ৰহ - প্ৰতিবাদী ধ্বনিত উত্তাল হ'ল ধুবুৰী

বুধবাৰে সমগ্ৰ অসমৰ লগতে বিভিন্ন সংগঠনৰ প্ৰতিবাদী ধ্বনিত উত্তাল হ'ল ধুবুৰী জিলা। নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হয় গণ সত্যাগ্ৰহ কাৰ্যসূচী ৷

gana satyagrah
ৰাজ্যৰ বিভিন্ন স্থানত সত্যাগ্ৰহ কাৰ্যসূচী

By

Published : Dec 18, 2019, 7:30 PM IST

ধুবুৰী, দক্ষিণ কামৰূপ, 18 ডিচেম্বৰঃৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত আছে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৷ বুধবাৰে সমগ্ৰ অসমৰ লগতে বিভিন্ন সংগঠনৰ প্ৰতিবাদী ধ্বনিত উত্তাল হ'ল ধুবুৰী জিলা। ধুবুৰী জিলা ছাত্ৰ সন্থাৰ নেতৃত্বত বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনৰ শতাধিক কৰ্মকৰ্তাই ধুবুৰী ঝগৰাৰ পাৰ ষ্টেডিয়ামত দিনৰ এঘাৰ বজাৰ পৰা তিনি বজালৈ ৰূপায়ণ কৰে চাৰি ঘন্টীয়া গণ সত্যাগ্ৰহ কাৰ্যসূচী ৷ প্ৰতিবাদী সভা অনুষ্ঠিত কৰি ঝগৰাৰ পাৰ ষ্টেডিয়ামৰ পৰা এখন প্ৰতিবাদী সমদল উলিওৱা হয় যদিও এই সমদলৰ বাবে অনুমতি প্ৰদান নকৰে প্ৰশাসনে । ইয়াৰ বাবে বিশাল প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰা জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতা কৰ্মী সকলক কিছু সময়ৰ বাবে আৱদ্ধ কৰি ৰাখে প্ৰশাসনৰ লোকে । কিন্তু কিছু সময় প্ৰতিবাদকাৰীসকলক আৱদ্ধ কৰি ৰাখে যদিও প্ৰতিবাদী কাৰ্যসূচী সমাপ্ত হোৱাৰ পিছত মোকলাই দিয়ে প্ৰতিবাদকাৰীসকলক ।

ৰাজ্যৰ বিভিন্ন স্থানত সত্যাগ্ৰহ কাৰ্যসূচী

সেইদৰে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হয় গণ সত্যাগ্ৰহ কাৰ্যসূচী ৷ দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ উদ্যোগত হোৱা গণ সত্যাগ্ৰহত সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰি নাগৰিকত্ব সংশোধনী বাতিলৰ দাবী জনোৱাৰ লগতে বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গান দিয়ে । এই গণ সত্যাগ্ৰহত ছাত্ৰ সমাজৰ উপৰিও দক্ষিণ কামৰূপ শিক্ষক কৰ্মচাৰী সন্থা,পলাশবাৰী সাহিত্য সভা, নাগৰিকত্ব সংশোধনী আইন বিৰোধী বৃহত্তৰ নাগৰিক সমাজকে আদি কৰি বিভিন্ন দল-সংগঠনে অংশগ্ৰহণ কৰে । লগতে মিৰ্জাৰ শ্বহীদ ভৱনৰ পৰা মিৰ্জা মামনি ৰয়চম গোস্বামী চ'ক হৈ পলাশবাৰী চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ সমদল উলিয়াই চক্ৰ বিষয়াৰ জড়িয়তে প্ৰধানমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে । লগতে যেতিয়ালৈকে চৰকাৰে এই জাতিধ্বংসী আইন বাতিল নকৰে তেতিয়ালৈকে এই প্ৰতিবাদ অব্যাহত থাকিব বুলি মন্তব্য কৰে প্ৰতিবাদকাৰী সকলে ।

লগতে পঢ়কঃৰাজ্যৰ প্ৰান্তে প্ৰান্তে গণ সত্যাগ্ৰহ

ABOUT THE AUTHOR

...view details