অসম

assam

ETV Bharat / state

অহা ১৯ অক্টোবৰৰ পৰা নিম্ন আদালতৰ কাম-কাজ আৰম্ভ

ৰাজ্যৰ অধিবক্তাসকললৈ আশাৰ বতৰা আনিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক সিদ্ধান্তই। অহা ১৯ অক্টোবৰৰ পৰা নিম্ন আদালতত কাম-কাজ আৰম্ভ কৰাত অনুমতি প্ৰদান। পৰীক্ষামূলকভাৱে কৰিবলগীয়া এই কাম-কাজৰ পুনৰীক্ষণ হ'ব নৱেম্বৰ মাহত।

অহা ১৯ অক্টোবৰৰ পৰা নিম্ন আদালতৰ কাম-কাজ আৰম্ভ
অহা ১৯ অক্টোবৰৰ পৰা নিম্ন আদালতৰ কাম-কাজ আৰম্ভ

By

Published : Oct 15, 2020, 2:12 PM IST

গুৱাহাটী, ১৫ অক্টোবৰ: অধিবক্তাসকলৰ বহু প্ৰতিবাদৰ অন্তত অৱশেষত নিম্ন আদালতৰ কাম-কাজ আৰম্ভ কৰাত অনুমতি প্ৰদান কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। অহা ১৯ অক্টোবৰৰ পৰা ৰাজ্যৰ বিভিন্ন জিলাৰ নিম্ন আদালতসমূহত শাৰীৰিকভাৱে কাম-কাজ আৰম্ভ হ'ব। কৰ'ণাৰ ভয়াৱহ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত পূৰ্বে ভাৰ্চুৱেল মাধ্যমেৰে গুৰুত্বপূৰ্ণ গোচৰৰ শুনানি গ্ৰহণৰ অনুমতি দিয়া হৈছিল। লকডাউন আৰু মহামাৰীয়ে অধিবক্তাসকলৰ আৰ্থিক অৱস্থা একপ্ৰকাৰ শোচনীয় কৰি পেলাইছিল।

পুনৰ আদালতৰ কাম-কাজ পূৰ্বৰ দৰে নিয়মীয়া কৰাৰ দাবীত প্ৰতিবাদো সাব্যস্ত কৰিছিল বাৰ কাউন্সিলে। অৱশেষত গুৱাহাটী উচ্চ ন্য়ায়লয়ে অধিসূচনা জাৰি কৰি নিম্ন আদালতসমূহত পৰীক্ষামূলকভাৱে কাম-কাজ আৰম্ভ কৰাত অনুমতি দিয়ে। উচ্চ ন্যায়ালয়ৰ মহাপঞ্জীয়কে স্বাক্ষৰ কৰা এই অধিসূচনাখনত উল্লেখ কৰা হৈছে যে,অহা ১৯ অক্টোবৰৰ পৰা মহামাৰীৰ বাবে নিৰূপণ কৰা স্বাস্থ্যবিধি মানি জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালত, পাৰিবাৰিক আদালত, চি বি আই আদালত আৰু মটৰ দুৰ্ঘটনা দাবী আদালতত শাৰীৰিকভাৱে আইনী কাম-কাজ আৰম্ভ হ'ব।

নৱেম্বৰ মাহৰ দ্বিতীয় সপ্তাহত বৰ্তমান পৰীক্ষামূলকভাৱে কৰা কামবোৰ পুনৰীক্ষণ কৰাৰ পিছত নতুন নিৰ্দেশনা ন্যায়ালয়ে জাৰি কৰিব। উচ্চ ন্যায়ালয়ৰ এই সিদ্ধান্তক আদৰণি জনাইছে সদৌ অসম উকীল সন্থাই।

লগতে পঢ়ক:ক'লৈ গ'ল সদ্য অপসাৰিত আৰক্ষী অধীক্ষক সঞ্জিত কৃষ্ণ?

ABOUT THE AUTHOR

...view details