অসম

assam

By

Published : Jun 21, 2022, 12:53 PM IST

ETV Bharat / state

সকলোকে শোক সাগৰত পেলাই পঞ্চভূতত বিলীন হ’ল সমুজ্জ্বল কাকতি

পঞ্চভূতত বিলীন হ'ল অপৰাধী ধৰিবলৈ গৈ বলিয়া বানত প্ৰাণ হেৰুওৱা কামপুৰ আৰক্ষী থানাৰ(Kampur police death)ৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সমুজ্জ্বল কাকতিৰ নশ্বৰ দেহ(Police person died at Kampur) । দক্ষ আৰক্ষী বিষয়াগৰাকীৰ মৃত্যুত শোকাকুল পৰিৱেশ বিৰাজ কৰিছে তেওঁৰ জন্মভূমি কমলপুৰৰ দ্বিগুণপাৰ অঞ্চলত ।

পঞ্চভূতত বিলীন হ’ল সমুজ্জ্বল কাকতি
পঞ্চভূতত বিলীন হ’ল সমুজ্জ্বল কাকতি

বাইহাটা, ২১ জুন : নগাঁও জিলাৰ কামপুৰত অপৰাধী বিচাৰি গৈ বলিয়া বানত প্ৰাণ হেৰুওৱা (OC Samujjal Kakati lost his life in flood at kamupur) কামপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সমুজ্জ্বল কাকতিৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন । দ্বিগুণপাৰ অঞ্চলসহ নিকটৱৰ্তী স্থান সমুহত থকা শ্মশানসমূহ বানত বুৰ গৈ থকাৰ পৰিপ্ৰেক্ষিতত কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাৰ নিজাগাঁও শিংৰাস্থিত ৰাজহুৱা শ্মশানত শেষকৃত্য সম্পন্ন কৰে মৃত কাকতিৰ ।

এক শোকাকুল পৰিবেশৰ মাজত সম্পন্ন কৰা হয় দক্ষ আৰক্ষী বিষয়াগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া । সমুজ্জ্বল কাকতিৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ পিছত সন্ধিয়া তেওঁৰ বাসগৃহলৈ অনাত এক অসহনীয় শোকাকুল পৰিবেশৰ সৃষ্টি হয় । অসংখ্য গুণমুগ্ধই পুষ্পমাল্য প্ৰদান কৰি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰক্ষী বিষয়াগৰাকীলৈ ।

জানিব পৰা মতে, যোৱা ৩ জুনত কামপুৰ আৰক্ষী থানা(Kampur police station)ৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে নিযুক্তি লাভ কৰিছিল মৃত সমুজ্জ্বল কাকতিয়ে । দেওবাৰে নিশা কাকতিয়ে অন্য তিনিগৰাকী আৰক্ষী লগত লৈ আন্দোলনৰত 'অগ্নিপথ'ৰ আন্দোলনকাৰীক বিচাৰি নিশা প্ৰায় ১ বজাত মধুপুৰ নামৰ স্থানত চলাইছিল অভিযান । অভিযান কালত পানীৰ প্ৰচণ্ড সোঁতে তেওঁৰ সংগী ৰাজীৱ বৰদলৈ নামৰ কনিষ্টবলজনক উটুৱাই নিয়ে । কনিষ্টবল ৰাজীৱ বৰদলৈক উদ্ধাৰৰ বাবে পানীত জাঁপ দিছিল কাকতিয়ে(Police person died at Kampur) ।

পঞ্চভূতত বিলীন OC সমুজ্জ্বল কাকতি: পৰিয়ালত কান্দোনৰ ৰোল

নিশাই কনিষ্টবল ৰাজীৱ বৰদলৈৰ মৃতদেহ উদ্ধাৰ কৰে যদিও সোমবাৰেহে আৰক্ষী বিষয়া সমুজ্জ্বল কাকতিৰ মৃতদেহ এছ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ কৰে । উক্ত খৱৰ পোৱাৰ লগে লগে তেওঁৰ ভাতৃ হীৰক কাকতিৰ লগত অন্য তিনিজন লোক কামপুৰলৈ যাত্ৰা কৰে । অৱসৰী সেনা জোৱান ধৈৰ্য্য কাকতি আৰু চাৰু কাকতিৰ জ্যেষ্ঠ পুত্ৰ সমুজ্জ্বল কাকতিয়ে বিগত ২০১৭ চনত আৰক্ষী উপ পৰিদৰ্শক হিচাপে নিযুক্তি লাভ কৰিছিল ।

সমগ্ৰ অঞ্চলজুৰি এগৰাকী জনপ্ৰিয় যুৱক হিচাপে সুপৰিচিত সমুজ্জ্বল কাকতিয়ে অঞ্চলটোৰ বিভিন্ন সামাজিক কাম-কাজ তথা অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত সক্ৰিয়ভাৱে জড়িত আছিল । যথেষ্ট নম্ৰ স্বভাৱৰ যুৱকজনৰ অকাল তথা শোকাৱহ মৃত্যুৰ খৱৰ বিয়পি পৰাৰ লগে লগে বান বিধ্বস্ত বৃহত্তৰ অঞ্চলটোৰ অজস্ৰ গুণমুগ্ধ লোক মৃতকৰ বাসগৃহত উপস্থিত হৈ শোকদগ্ধ পৰিয়ালবৰ্গক গভীৰ সমবেদনা জ্ঞাপন কৰে ।

কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই মৃতকৰ বাসগৃহত উপস্থিত হৈ শোকদগ্ধ পিতৃ-মাতৃক সাক্ষাত কৰি গভীৰ সমবেদনা জনোৱাৰ লগতে পৰৱৰ্তী সময়ত যথোচিত সহায়-সহযোগিতাৰ আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে ।

ইফালে সমগ্ৰ দ্বিগুণপাৰ অঞ্চলসহ নিকটৱৰ্তী স্থান সমুহত থকা শ্মশানস্থলী সমুহ বানত বুৰ গৈ থকাত বিধায়ক কলিতাই তেওঁৰ নিজগাঁও শিংৰাস্থিত ৰাজহুৱা শ্মশানত মৃতকৰ শেষকৃত সমাপন কৰাৰ পৰামৰ্শ আগবঢ়ায় । আৰু বিধায়ক কলিতাৰ পৰামৰ্শ অনুসৰি তেওঁৰ উপস্থিতিত প্ৰায় সাত কিলোমিটাৰ দূৰত্বৰ শিংৰাস্থিত ৰাজহুৱা শ্মশানত অত্যন্ত শোকাকুল পৰিবেশৰ মাজত অন্তোষ্টিক্ৰিয়া সম্পন্ন কৰা হয় দক্ষ আৰক্ষী বিষয়া সমুজ্জ্বল কাকতিৰ ।

লগতে পঢ়ক:বিদায় ! সমুজ্জ্বল আৰু ৰাজীৱক শেষ শ্ৰদ্ধা নগাঁও আৰক্ষীৰ

ABOUT THE AUTHOR

...view details