ৰঙিয়া, 20 ডিচেম্বৰ :আজি সশস্ত্ৰ সীমা বলৰ ৫৭ তম প্ৰতিস্থা দিৱস । এই উপলক্ষে সমগ্ৰ ভাৰতৰ বাহিনীটোৰ মুখ্যালয়সমূহৰ লগতৈ ৰঙিয়াস্থিত এছএছবি ক্ষেত্ৰীয় মুখ্যালয়ত এক বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হয় ।
ডিআইজি জগদ্বীপ পাল সিঙে বাহিনীটোৰ বুৰঞ্জীৰ ওপৰত আলোকপাত কৰে । কেতিয়া কেনেদৰে এই বাহিনীটোৰ আৰম্ভণি হৈছিল এই বিষয়ে ব্যাখ্যা কৰি উপস্থিত জোৱানসকলক আগন্তুক দিনত দেশৰ হকে কাম কৰি যাবলৈ আহ্বান জনায় । ইয়াৰ পিছত জোৱানসকলে সংগীতানুষ্ঠান পৰিবেশন কৰে । অনুষ্ঠানটোত কণ কণ শিশুৱেও অংশগ্ৰহণ কৰে ।