উত্তৰ গুৱাহাটী, 26 আগষ্টঃ ৰাজ্যবাসীৰ বাবে দুঃখবৰ ৷ ৰাজ্যত পুনৰ গেছ ছিলিণ্ডাৰৰ নাটনি হোৱাৰ সম্ভাৱনা ৷ 27 আগষ্টৰ পৰা বন্ধ থাকিব উত্তৰ পূৱৰ আটাইকেইটা ৰন্ধন গেছৰ প্ৰকল্প ৷
উল্লেখ্য যে, নৰ্থ ইষ্ট পেক্ট এল পি জি ট্ৰেন্সপ'টাৰ এছোচিয়েচনে গ্ৰহণ কৰা ধৰ্মঘট কাৰ্যসূচীৰ বাবে বন্ধ ৰখা হ’ব উত্তৰ গুৱাহাটী ৰন্ধন গেছ প্ৰকল্প, বঙাইগাঁও ৰন্ধন গেছ প্ৰকল্প, মিৰ্জা ৰন্ধন গেছ প্ৰকল্প, গোপানাৰী ৰন্ধন গেছ প্ৰকল্প, চেকমাই ৰন্ধন গেছ প্ৰকল্প, ডিমাপুৰ ৰন্ধন গেছ ছিলিণ্ডাৰ প্ৰকল্প, আৰু ত্ৰিপুৰা ৰন্ধন গেছ প্ৰকল্প ।