ৰঙিয়া, 8 আগষ্ট: দেশৰ স্বাধীনতা সংগ্ৰামত জপিয়াই পৰা ৰঙিয়াৰ প্ৰবীণ মুক্তি যুঁজাৰু কৃষ্ণকান্ত লহকৰে সোমবাৰে ৯৬ বছৰ বয়সত নিজা বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে (Freedom fighter Krishna Kanta Lahkar Passes away) ৷ কৃষ্ণকান্ত লহকৰ নিখিল ভাৰত মুক্তি যুঁজাৰু সন্মিলনীৰ সভাপতি (President of all India freedom fighters association) ৷ অসম ৰাজ্যিক মুক্তি যুঁজাৰু সন্মিলনীৰ সভাপতিৰ দায়িত্বতো আছিল কৃষ্ণ লহকৰ । সুদীৰ্ঘ এবছৰৰ পৰা শয্যাশায়ী হৈ আছিল প্ৰবীণ মুক্তি যুঁজাৰুগৰাকী ।
মহাত্মা গান্ধীৰ আদৰ্শ মানি বৃটিছৰ বিৰুদ্ধে সত্যাগ্ৰহ আন্দোলনত জপিয়াই পৰা মুক্তি যুঁজাৰু কৃষ্ণকান্ত লহকৰৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পিছতেই বহু গুণমুগ্ধই তেওঁৰ বাসগৃহত ভিৰ কৰে । বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ লগতে ৰঙিয়া পৌৰপতি, কেইবাগৰাকীও উচ্চ পৰ্যায়ৰ বিষয়াৰ লগতে বহু গণ্য-মান্য ব্যক্তিয়ে শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ৰঙিয়া প্ৰশাসনে জানিবলৈ দিয়া মতে ৰাজ্যিক মৰ্যদাৰে অন্তিম বিদায় দিয়া হ'ব কৃষ্ণকান্ত লহকৰক ।