আজাৰা,30 ছেপ্তেম্বৰ:লক ডাউনৰ বাবে একপ্ৰকাৰ বিধ্বস্ত হৈ পৰিছিল শিক্ষা ব্যৱস্থা ৷ বিগত প্ৰায় ছমাহে বন্ধ হৈ আছিল শ্ৰেণীকোঠাৰ পাঠদান ৷ শিক্ষা ব্যৱস্থাৰ ধাৰাটো অব্যাহত ৰাখিবলৈ প্ৰৱৰ্তন কৰা হৈছিল অনলাইন শিক্ষা ৷ কিন্তু প্ৰায় 6 বছৰৰ তলৰ শিশুক অনলাইন ব্যৱস্থাৰ জৰিয়তে শিক্ষা প্ৰদানত বাধা আহি পৰা হেতুকে পশ্চিম গুৱাহাটীৰ আজাৰা থানাৰ অন্তৰ্গত গড়ল ৱাণ্ডাৰ কিডছৰ দুই শিক্ষক-শিক্ষয়িত্ৰীয়ে গ্ৰহণ কৰে ব্যতিক্ৰমী পদক্ষেপ ৷ শিক্ষক-শিক্ষয়িত্ৰী দুগৰাকীয়ে শিক্ষাৰ্থীৰ ঘৰে ঘৰে গৈ প্ৰদান কৰে শিক্ষা ৷ বিদ্যালয় কৰ্তৃপক্ষৰ এনে পদক্ষেপক প্ৰশংসা কৰিছে শিক্ষাৰ্থীসকলৰ অভিভাৱকে ৷ বৰ্তমান বিদ্যালয়খনত 65 টা শিশুৱে অধ্যয়ন কৰি আছে । উক্ত শিক্ষানুষ্ঠানখন 2016 চনত স্থাপন কৰা হৈছিল ৷
ব্যক্তিগত শিক্ষানুষ্ঠানৰ প্ৰশংসনীয় পদক্ষেপ
প্ৰায় 6 বছৰৰ তলৰ শিশুক অনলাইন ব্যৱস্থাৰ জৰিয়তে শিক্ষা প্ৰদানত বাধা আহি পৰা হেতুকে পশ্চিম গুৱাহাটীৰ আজাৰা থানাৰ অন্তৰ্গত গড়ল ৱাণ্ডাৰ কিডছৰ দুই শিক্ষক-শিক্ষয়িত্ৰীয়ে গ্ৰহণ কৰে ব্যতিক্ৰমী পদক্ষেপ ৷
লক ডাউন আৰু অনলাইন শিক্ষা