অসম

assam

ETV Bharat / state

মন্ত্ৰীৰ নামলৈ চাকৰিৰ প্ৰলোভনেৰে ধন আত্মসাৎ - ৰঙিয়াত প্ৰৱঞ্চক আটক

ৰঙিয়াত আটক মন্ত্ৰী ভবেশ কলিতা আৰু সাংসদ দিলীপ শইকীয়াৰ নাম লৈ চাকৰি দিয়াৰ প্ৰলোভন দি ধন আত্মসাৎ কৰা যুৱক ৷ ধৃত প্ৰবঞ্চকজন হৈছে কামৰূপ জিলাৰ অন্তৰ্গত বৰকুৰিহাৰ লক্ষ্যধৰ ৰাজবংশী ৷ ধৃত যুৱকজনে পাঠশালাৰ এগৰাকী যুৱতীৰ পৰা জলসিঞ্চন বিভাগৰ শাখা সহায়ক পদৰ চাকৰি দিয়াৰ নামত তিনিলাখ টকা বন্দবস্ত কৰিছিল ৷

fraud arrest at Rangiya
ৰঙিয়াত মন্ত্ৰী ভবেশ কলিতাৰ নাম লৈ চাকৰিৰ প্ৰলোভনেৰে ধন আত্মসাৎ কৰা যুৱক আটক

By

Published : Feb 25, 2020, 5:32 PM IST

ৰঙিয়া,25 ফেব্ৰুৱাৰীঃ দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ শ্ল’গান দিয়া শাসনাধীন বিজেপি চৰকাৰখনৰ দিনতেই ক্ৰমাৎ পোহৰলৈ আহিছে এটাৰ পিছত আন এটা দুৰ্নীতিৰ ঘটনা ৷ এইবাৰ পোহৰলৈ আহিছে জলসিঞ্চন বিভাগৰ ৰাজ্যিক মন্ত্ৰী ভবেশ কলিতাৰ গৃহ সমষ্টি ৰঙিয়াতেই চলা প্ৰৱঞ্চনাৰ ঘটনা ৷ আটক কৰা হৈছে মন্ত্ৰী ভবেশ কলিতা আৰু সাংসদ দিলীপ শইকীয়াৰ নাম লৈ চাকৰি দিয়াৰ প্ৰলোভন দি ধন আত্মসাৎ কৰা এজন যুৱক ৷ ধৃত প্ৰবঞ্চকজন হৈছে কামৰূপ জিলাৰ অন্তৰ্গত বৰকুৰিহাৰ লক্ষ্যধৰ ৰাজবংশী ৷

ৰঙিয়াত প্ৰৱঞ্চক আটক

উল্লেখ্য যে, বিগত কিছুদিন পূৰ্বে ধৃত যুৱকজনে পাঠশালাৰ এগৰাকী যুৱতীৰ পৰা জলসিঞ্চন বিভাগৰ শাখা সহায়ক পদৰ চাকৰি দিয়াৰ নামত তিনিলাখ টকা বন্দবস্ত কৰিছিল ৷ যুৱতী গৰাকীয়ে আগধন হিচাপে নগদ ৩০,০০০ টকা দিয়ে যদিও পৰৱৰ্তী সময়ত সন্দেহ উপজাত ধনখিনি ওভটাই বিচাৰে ৷ কিন্তু প্ৰবঞ্চক যুৱকজনে ধনখিনি ঘূৰাই দিয়াৰ বিপৰীতে বিভিন্ন ধৰণৰ ভয় ভাবুকি প্ৰদান কৰে ৷ ইয়াৰ পিছতেই ভুক্তভোগী যুৱতী গৰাকীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত ফেচবুকত এটা পোষ্ট দিয়ে ৷ লগে লগেই পোষ্টটোক লৈ সৰ্বত্ৰে চৰ্চা হয় আৰু ৰঙিয়াৰ এবিভিপিৰ কৰ্মীয়ে যুৱতীগৰাকীক মন্ত্ৰী ভবেশ কলিতাৰ সৈতে যোগাযোগ কৰাই দিয়ে ৷ মন্ত্ৰী ভবেশ কলিতাৰ পৰামৰ্শ মতেই ভুক্তভোগী যুৱতী গৰাকীয়ে লক্ষ্যধৰ ৰাজবংশী নামৰ যুৱকজনৰ বিৰুদ্ধে ৰঙিয়া থানাত গোচৰ ৰুজু কৰে ৷ গোচৰৰ ভিত্তিতেই ৰঙিয়া আৰক্ষীয়ে যুৱকজনক গ্ৰেপ্তাৰ কৰে ৷

লগতে পঢ়ক-কাকপথাৰত নিৰুদ্দেশ পাঁচজন : আলফা(স্বা) যোগদানৰ সন্দেহ

ABOUT THE AUTHOR

...view details