অসম

assam

ETV Bharat / state

আৰক্ষীৰ জালত বীমা জালিয়াতি চক্ৰ - মটৰ এক্সিডেন্ট ক্লেইমছ ট্ৰিবিউনেল'

ৰঙিয়াত এটা পথ দুৰ্ঘটনাটত ৰূপা ঠাকুৰীয়া নামৰ এগৰাকী মহিলাৰ স্বামীৰ মৃত্যু হোৱা বুলি জালিয়াতিৰে মটৰ এক্সিডেন্ট ক্লেইমছ ট্ৰিবিউনেল'ৰ (এম এ চি টি) জৰিয়তে বীমাৰ ধন সৰকোৱাৰ চেষ্টা চলাইছিল এই বৃহৎ চক্ৰটোৱে।

fraud arrest at rangia
আৰক্ষীৰ জালত বীমা জালিয়াতি চক্ৰ

By

Published : Oct 16, 2020, 7:56 PM IST

ৰঙিয়া,16 অক্টোবৰঃৰঙিয়াত জালিয়াতিৰে বীমাৰ ধন সৰকোৱা এটা চক্ৰ ৰঙিয়া আৰক্ষীৰ জালত। সমগ্ৰ ঘটনাৰ লগত জড়িত দুই অধিবক্তা সহ পাঁচ জনক আটক কৰিবলৈ সক্ষম আৰক্ষী ৷ ঘটনা অনুসৰি ৰঙিয়াৰ চেপ্তীত 2019 চনৰ ২৭ চেপ্তেম্বৰত এক পথ দুৰ্ঘটনা সংঘটিত হৈছিল। পথ দুৰ্ঘটনাটোত ৰূপা ঠাকুৰীয়া নামৰ এগৰাকী মহিলাৰ স্বামীৰ মৃত্যু হোৱা বুলি জালিয়াতিৰে মটৰ এক্সিডেন্ট ক্লেইমছ ট্ৰিবিউনেল'ৰ (এম এ চি টি) জৰিয়তে বীমাৰ ধন সৰকোৱাৰ চেষ্টা চলাইছিল এই বৃহৎ চক্ৰটোৱে।

আৰক্ষীৰ জালত বীমা জালিয়াতি চক্ৰ

আনহাতে সমগ্ৰ বিষয়টোৰ ওপৰত ইউনাইটেড ইণ্ডিয়া ইঞ্চুৰেঞ্চ কোম্পানী লিমিটেডৰ সন্দেহ ওপজাত ৰঙিয়া আৰক্ষীৰ কাষ চাপে । উল্লেখযোগ্য যে, বীমাৰ গোচৰটোত ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া,উপ পৰিদৰ্শক,চিকিৎসককে ধৰি সকলোৰে চহী জাল কৰি নথি পত্ৰ প্ৰস্তুত কৰাৰ তথ্য পোহৰলৈ আহিছে। দুৰ্ঘটনাটোত ৰঙিয়া থানাৰ যিটো গোচৰ নম্বৰ দেখুওৱা হৈছিল সেয়া আছিল নাবালিকাৰ ধৰ্ষণৰ গোচৰ । তাৰ পিছতে ৰঙিয়া আৰক্ষীয়ে ইউনাইটেড ইণ্ডিয়া ইঞ্চুৰেঞ্চ কোম্পানী লিমিটেডৰ আঞ্চলিক প্ৰৱন্ধকৰ এজাহাৰৰ ভিত্তিত দুগৰাকী অধিবক্তা আৰু এজনক কিছুদিন পূৰ্বে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে। তাৰ পিছত শুকুৰবাৰে পুনৰ দুজনক ৰঙিয়া আৰক্ষীয়ে আটক কৰে। সম্প্ৰতি গুৱাহাটী বৈশিষ্টৰ দীনেশ হালৈ আৰু নুনমাটিৰ হেমন্ত দাসক আটক কৰি জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

লগতে পঢ়কঃ BTR চুক্তিৰ বিৰোধিতাৰে কোকৰাঝাৰত নতুন দল গঠন

ABOUT THE AUTHOR

...view details