ৰঙিয়া,2জুলাইঃ ৰঙিয়া মহকুমাত বৃহস্পতিবাৰে পুনৰ ৪ জনৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰে । ৰঙিয়াৰ পিতাম্বৰ হাটবজালিৰ ৰিংকু বৈশ্য নামৰ যুৱক এজনৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰে। প্রায় ১২ দিন পূৰ্বে যুৱকজন জ্বৰত আক্ৰান্ত হৈছিল তাৰপিছত দিছপুৰ লাষ্ট গেটত ২৪ জুনত কোভিড-১৯ পৰীক্ষাৰ বাবে যুৱকজনৰ পৰা স্ৱাৱ সংগ্ৰহ কৰা হৈছিল । ২৭ জুনত যুৱকজনক নিজ বাসগৃহত উপস্থিত হোৱাত হোম কোৱাৰেণ্টাইন কৰা হৈছিল। বৃহস্পতিবাৰে পৰীক্ষাৰ ফলাফল পজিটিভ অহাৰ লগে লগে স্বাস্থ্য বিভাগৰ দল এটা আহি শিঙিমাৰিৰ কোভিড চিকিৎসালয়লৈ ৰিংকু বৈশ্যক প্ৰেৰণ কৰে ।
ৰঙিয়াত চাৰিগৰাকীৰ দেহত কোভিড-19 পজিটিভ - ৰঙিয়া মহকুমা
ৰঙিয়া মহকুমাত বৃহস্পতিবাৰৰ দিনটোত চাৰি জনৰ দেহত কোভিড-19 পজিটিভ ধৰা পৰাৰ কথা সদৰি কৰে স্বাস্থ্য বিভাগে । আক্ৰান্ত কেইজন হৈছে ক্ৰমে কলমনিৰ মনেশ্বৰ নাথ ,বাৰাংহাতীৰ দুজন কনিকা কলিত (৪৩) ,প্ৰাণজ্যিত কলিতা (২৬)আৰু ৰিংকু বৈশ্য।
ইপিনে স্বাস্থ্য বিভাগৰ বিষয়াই জানিবলৈ দিয়া মতে ৰিংকু বৈশ্যকে ধৰি ৰঙিয়া মহকুমাত বৃহস্পতিবাৰৰ দিনটোত চাৰি জনৰ দেহত কোভিড-19 পজিটিভ ধৰা পৰাৰ কথা সদৰি কৰে। আক্ৰান্ত বাকী কেইজন হৈছে ক্ৰমে কলমনিৰ মনেশ্বৰ নাথ , বাৰাংহাতীৰ দুজন কনিকা কলিত (৪৩) ,প্ৰাণজ্যিৎ কলিতা (২৬) । এই লোক কেইজনকো স্বাস্থ্য বিভাগৰ দলে কোভিড চিকিৎসালয়লৈ প্ৰেৰণ কৰে । প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীয়ে এই ঘৰ কেইটা ইতিমধ্যে কন্টেইনমেন্ট জ‘ন হিচাপে ঘোষণা কৰিছে ।
উল্লেখযোগ্য যে, অসমত এতিয়া কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই হৈছে গৈ 8955 গৰাকী ৷ এতিয়ালৈ আৰোগ্য হৈ উঠিছে 5831 গৰাকী লোক ৷ আনহাতে ৰাজ্যখনত বৰ্তমানলৈকে 12 জন লোকৰ কোভিডত মৃত্যু হৈছে ৷ ৰাজ্যখনত এতিয়াও সক্ৰিয় হৈ আছে মুঠ 3109 টা ঘটনা ৷ 1 জুলাইত ৰাজ্যখনত মুঠ 548 টা আক্ৰান্তৰ ঘটনা পোহৰলৈ আহে ৷
লগতে পঢ়কঃ শিক্ষয়িত্ৰীৰ হাতৰ পৰা ম'বাইল কাঢ়ি এজনৰ বিলৈ...