ৰঙিয়া, 22 জানুৱাৰী :ৰাজ্যত বৰ্তমানেও বৃহৎ মানৱ সৰবৰাহকাৰী চক্ৰৰ কাৰ্য-কলাপ অব্যাহত আছে । কৰ্ম সংস্থানৰ প্ৰলোভনেৰে প্ৰায়ে মানৱ সৰবৰাহকাৰী চক্ৰৰ টাৰ্গেটত পৰি নিখোজ হৈছে ৰাজ্যৰ বহু যুৱক-যুৱতীসহ কিশোৰ-কিশোৰী ।
শেহতীয়াকৈ ৰঙিয়াত মানৱ সৰবৰাহকাৰীৰ বিভিন্ন কাৰ্য-কলাপ (Human Trafficking at Rangia) পোহৰলৈ আহিছে ৷ শুকুৰবাৰে নিশা ৰঙিয়াত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা কিশোৰসহ 11 গৰাকীকৈ লোক উদ্ধাৰ হৈছে (11 people rescued from human trafficking at Rangia ) ৷
ৰঙিয়া ষ্টেচনৰ সমীপৰ কৰিয়াৰাৰ মানৱ সৰবৰাহকাৰী নজৰুল আলী ওৰফে পকেটৰ ঘৰত আৰক্ষীয়ে অতৰ্কিতে অভিযান চলায় ৷ এই অভিযানত ৰঙিয়া আৰক্ষীয়ে 4 জনকৈ মানৱ সৰবৰাহকাৰীক আটক কৰে (Rangia police arrested Human Traffickers) ৷ আটকাধীন চাৰি মানৱ সৰবৰাহকাৰী কেইজন ক্ৰমে, ৰাজু কলিতা, জ্যোতি মেধি, সুৰেশ আৰিয়া আৰু আইজুল আলী জানিব পৰা গৈছে ৷