অসম

assam

ETV Bharat / state

চৰকাৰী নিৰ্দেশনা অমান্য : মছজিদত লুকুৱাই ৰাখিলে 12 জন জামাতীক !

দক্ষিণ কামৰূপ ৪টা মজিদত লুকুৱাই ৰাখিছিল উত্তৰ প্ৰদেশৰ মীৰাটৰ ১২ গৰাকী লোকক । এটা মজিদত ৩ জনকৈ এমাহৰো অধিক দিন লুকুৱাই ৰাখিছিল মছজিদ চাৰিটাত। তবলিগী জামাতৰ পৰা অহা লোক কেইজনক লুকুৱাই ৰাখি আটক মছজিদ সমিতি ৷

By

Published : Apr 13, 2020, 9:13 PM IST

four arrested due to disobey govt rule
four arrested due to disobey govt rule

বকো, 13 এপ্ৰিল :চৰকাৰী নিৰ্দেশনা অমান্য কৰা মজিদ পৰিচালনা সমিতিৰ চাৰিজনক গ্ৰেপ্তাৰ । তবলিগী জামাতৰ পৰা অহা ১২জনক লুকুৱাই ৰাখিছিল মজিদত। দক্ষিণ কামৰূপ ৪টা মজিদত লুকুৱাই ৰাখিছিল উত্তৰ প্ৰদেশৰ মীৰাটৰ ১২ গৰাকী লোকক । এটা মজিদত ৩ জনকৈ এমাহৰো অধিক দিন লুকুৱাই ৰাখিছিল মছজিদ চাৰিটাত। দেওবাৰে বিয়লি বহিঃৰাজ্যৰ লোক কেইজনক উদ্ধাৰ কৰি আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰে আৰক্ষী আৰু স্বাস্থ্য বিভাগে। আজি দুটা মছজিদৰ চাৰিজন বিষয়ববীয়াক গ্ৰেপ্তাৰ কৰা হয়।

মছজিদত লুকুৱাই ৰাখিলে 12 জন জামাতীক

ছয়গাঁও জোৰশিমুলিৰ অগ্ৰদূত মজিদৰ সভাপতি, সম্পাদককো গ্ৰেপ্তাৰ কৰা হয় । গ্ৰেপ্তাৰ হৈছে সভাপতি চাহেব আলী আৰু সম্পাদক মইনুল হক । বাকীকেইজন বকোৰ সোণতলী পলিমংগল মজিদৰ সদস্য । তেওঁলোক দুজন মুকদাম আলী আহমেদ আৰু চফিউৰ ৰহমান । আইন অমান্য কৰা বকোৰ আৰিকাটি মজিদ আৰু আৰিকাটি কৱে মজিদৰ পৰিচালনা সমিতিকো আৰক্ষীয়ে সোধ-পোছ কৰে । কামৰূপৰ উপ আৰক্ষী অধীক্ষক কল্যান কুমাৰ পাঠকৰ নেতৃত্বত চলিছিল অভিযান। অভিযানত বকো থানাৰ আৰক্ষী বিষয়া যোগেন্দ্ৰ বৰ্মন আৰু ছয়গাঁও থানাৰ আৰক্ষী বিষয়া কপিল পাঠকেও সহযোগ কৰে । বকো আৰক্ষী থানাত ৩৭২/২০ আৰু ছয়গাঁও থানাত ৩৬৮/২০ নম্বৰত গোচৰ ৰুজু কৰা হৈছে লোক কেইজনৰ বিৰুদ্ধে ।

লগতে পঢ়ক :চৰকাৰী নিয়ম অনুসৰি গাড়ীগাঁৱত বিহুৰ পতাকা উত্তোলন

ABOUT THE AUTHOR

...view details