ৰঙিয়া, 14 নৱেম্বৰ : ৰঙিয়াৰ ঐতিহাসিক তৰণি হৰি মন্দিৰৰ সভাগৃহক ন ৰূপ দিয়াৰ উদ্দেশ্যে সোমবাৰে হৰি মন্দিৰৰ প্ৰাংগনত আধাৰশিলা স্থাপন কৰা হয় । এই উপলক্ষে আয়োজন কৰা অনুষ্ঠানটোত ৰঙিয়াৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই স্থানীয় ৰাইজৰ উপস্থিতিত নতুন সভাগৃহৰ আধাৰশিলা স্থাপন কৰে ।
বিধায়কগৰাকীয়ে উপস্থিত ৰাইজক উদ্দেশ্যি ভাষণ দি কয় যে মন্দিৰৰ সভাগৃহটো নতুনকৈ তথা আটকধুনীয়াকৈ নিৰ্মাণৰ উদ্দেশ্যে প্ৰথমাৱস্থাত 10 লাখ টকা আৰু দ্বিতীয় পৰ্যায়ত আকৌ 10 লাখ টকাৰে সমুদায় 20 লাখ টকা ব্যয় কৰি নিৰ্মাণ কৰা হ’ব । আগন্তুক দুবছৰৰ ভিতৰত সভাগৃহৰ নিৰ্মাণ সম্পূৰ্ণ হ’ব বুলি আশা কৰা হৈছে ৷ এই নতুন সভাগৃহৰদ্বাৰা বৃহত্তৰ অঞ্চলটোৰ ভক্তসকল উপকৃত হ’ব বুলি আশা প্ৰকাশ কৰে বিধায়কগৰাকীয়ে । লগতে এই সভাগৃহটো অত্যাধুনিক প্ৰক্ৰিয়াৰে নিৰ্মাণ কৰা হ’ব বুলিও বিধায়ক কলিয়াই মত প্ৰকাশ কৰে ৷